অসম

গোগামুখলৈ আহিব প্ৰধানমন্ত্ৰী, সাজু মহৰি কেম্প

প্ৰথম খবৰ, গোগামুখ/ধেমাজি: ভাৰতীয় কৃষি গৱেষণা কেন্দ্ৰ এটিৰ আধাৰশিলা স্থাপন কৰিবলৈ দিনৰ ১২ বজাত গোগামুখৰ মহৰি কেম্পত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ গোগামুখৰ কচুতলি পথাৰত ইতিমধ্যে সাজি উলিওৱা বৃহৎ বৃহৎ তিনিটা মণ্ডপ আৰু মঞ্চ তথা প্ৰায় ৫০ বিঘা মাটি বেৰি নিৰ্মাণ কৰা বেৰীকেডৰে সাজু হৈ আছে প্ৰশাসন৷ সেনাবাহিনীৰ বিশেষ বাহনকে ধৰি ২৬ খন মেটেল ডিটেক্টৰ যুক্ত প্ৰৱেশদ্বাৰেৰে নিশ্চিদ্ৰ নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে৷  ১২০০ নিৰাপত্তাৰক্ষী নিয়োগ কৰা হৈছে গোগামুখত৷  সভাস্থলীলৈ পানীৰ বটল, ছাতি আদি প্ৰৱেশত বাধা প্ৰদান কৰিছে নিৰাপত্তাৰক্ষীয়ে৷

Related Articles

Leave a Reply

Close