অসম

গোলাঘাটত সুৰাৰ বিৰুদ্ধে প্ৰতিবাদ


প্ৰথম খবৰ, গোলাঘাট: ৰাজ্য চৰকাৰে দেশীয় সুৰাৰ অনুজ্ঞা প্ৰত্ৰ দিয়াৰ যো-জা চলোৱাৰ সময়তে মদ মুক্ত অসম গঢ়াৰ দাবীত গোলাঘাটত গণ প্ৰতিবাদ । ৰাজ্যত সুৰা বন্ধৰ দাবীত উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় । মদ মুক্ত অসম দাবী সমিতিয়ে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । গোলাঘাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপত বুধবাৰে মদ মুক্ত অসম গঢ়াৰ দাবীত গণ প্ৰতিবাদ কাৰ্যসূচী পালন কৰে। প্ৰতিবাদ কাৰী দলটোৱে নগৰ খনত শোভাযাত্ৰা বাহিৰ কৰাৰ লগতে উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী পালন কৰে। এই প্ৰতিবাদী কাৰ্যসূচীত মদ মুক্ত অসম দাবী সমিতি, বীৰাংগনা নাৰী শক্তি দল, অসম চাহ জনজাতি ছাত্ৰ সন্থা, অনুসূচীত জাতি ছাত্ৰ সন্থা আদি দল সংগঠনৰ বিষয় ববীয়াৰ উপস্থিতিত এই কাৰ্যসূচী পালন কৰে। প্ৰতিবাদী কাৰ্যসূচীত মদ্যপান কৰি নিৰ্যাতন চলোৱা কেইবা গৰাকীও আহত মহিলাই এই কাৰ্যসূচীত অংশ লয়। মদৰ দোকানৰ অনুজ্ঞাপত্ৰ বাতিলৰো দাবী জনায়।

Related Articles

Leave a Reply

Close