অসম

গোৰেশ্বৰত বাল্য বিবাহ

 

প্ৰথম খবৰ, গোৰেশ্বৰ: বাক্সা জিলাৰ গোৰেশ্বৰ থানাৰ অন্তৰ্গত নিজঝাৰগাওত পুৱাৰ ভাগত এক হুৱাদুৱা পৰিৱেশৰ সৃষ্টি হয়। গাঁওখনৰ শিৱ বড়োৰ পুত্ৰ জয়ন্ত বড়োই একে গাঁৱৰে ৰমেন হালৈৰ ১৫ বছৰীয়া কন্যাক পলোৱাই অনাৰ ফলতে সৃষ্টি হয় এনে পৰিৱেশ। প্ৰায় ৭ দিনমান পূৰ্বতে দুয়োজন নাবালকে ভাল পোৱাৰ সূত্ৰে পলুৱাই গৈ বিবাহৰ প্ৰস্তুতিও চলাইছিল। কিন্তু নাবালক হোৱা বাবেই একাংশ গাঁওবাসী আৰু চিন্তাশীল লোকৰ বাবে বিবাহ পতাৰ পৰা বিৰত থাকিল যদিও দশম মান শ্ৰেণীত পঢ়ি থকা ছাত্ৰীগৰাকী ল’ৰাজনৰ ঘৰতে থকাৰ সিদ্ধান্ত লয়। এই বিষয়ে আৰক্ষী অৱগত হৈ পিছত মুছলপুৰস্থ জিলা শিশু সুৰক্ষা বিষয়াক বিষয়টো অৱগত কৰাই। পুৱা ১১ মান বজাত পুলিচৰ সহযোগত যুটীয়া অভিযান চলাই কিশোৰীহালক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উদ্বাৰ হোৱা দুয়োজন কিশোৰ কিশোৰীকে মুছলপুৰৰ শিশু গৃহলৈ লৈ গৈ আইনী প্ৰক্ৰিয়া সম্পন্ন কৰা হ’ব। জিলাখনত বাল্য বিবাহ ৰোধ কৰাৰ ক্ষেত্ৰত শিশু সুৰক্ষা ন্যাসে লোৱা এনে প্ৰচেষ্টাক সচেতন লোকে শলাগ লয়।

Related Articles

Leave a Reply

Close