অসম

চাংসাৰিত দুৰ্ধৰ্ষ বাইক চোৰ আটক

প্ৰথম খবৰ, চাংসাৰি: বৰ্তমান সময়ত ৰাজ্যত বিভিন্ন প্ৰান্তত বাইক চুৰি ঘটনা সংঘটিত হৈ থকা সময়ত আজি সন্ধিয়া চাংসাৰি আৰক্ষীয়ে এটা বাইক চোৰ আটক কৰি এক সাফল্য অৰ্জন কৰিবলৈ সক্ষম হয়। কামৰূপ জিলাৰ চাংসাৰি আৰক্ষী থানাৰ অন্তৰ্গত চাংসাৰি হাইস্কুল চ’কত আজি সন্ধিয়া ৭ মান বজাত চাংসাৰি আৰক্ষীয়ে এজন দুৰ্ধৰ্ষ বাইক চোৰক আটক কৰে। জানিব পৰা অনুসৰি, দুটা চোৰে বশিষ্ঠৰ পৰা বাইক চোৰ কৰি অনা এখন নাম্বাৰপ্লেটবিহীন বুলেট গাড়ী এজন চোৰ সহ চাংসাৰি আৰক্ষীয়ে খেদি খেদি হাইস্কুল চ’কত আটক কৰে যদিও ইয়াৰে অন্য এজনে পলায়ন কৰিবলৈ সক্ষম হয়। এই দুই চোৰে ইতিমধ্যে বহুতো অঞ্চলৰ পৰা নানান ধৰণৰ বাইক চোৰ কৰিছে বুলিও আৰক্ষী সুত্ৰে জানিব পৰা গৈছে। এই দুটা চোৰৰ ভিতৰত আৰক্ষীয়ে আটক কৰা চোৰটোৰ ঘৰ বাক্সা জিলাৰ তামুলপুৰত আৰু তেওঁৰ নাম বিজয় দৈমাৰী(২৪) বুলি চাংসাৰি আৰক্ষীৰ পৰা জানিবলৈ পোৱা গৈছে। ইয়াৰ উপৰিও চাংসাৰি আৰক্ষীৰ পৰা বাতৰি লিখা সময়লৈকে জানিব পৰা মতে, পলাতক চোৰটোৰ নাম আৰু ঠিকনা সন্দৰ্ভত আটক কৰা চোৰটোৰ পৰা জানিবলৈ জেৰা কৰি থকা হৈছে বুলি কথা সাংবাদিকক জানিবলৈ দিয়ে।

Related Articles

Leave a Reply

Close