অসম

চামগুৰিত বনৰজাৰ আতংক অব্যাহত

প্ৰথম খবৰ,বঢ়মপুৰ: চামগুৰিত বনৰজাৰ আতংক অব্যাহত। চামগুৰিৰ ন’-নৈ চাহ বাগিছাত শুক্ৰবাৰৰ পৰা বিচৰণ কৰি আছে এটা আঘাতপ্ৰাপ্ত নাহৰফুটুকীয়ে। নিৰ্বিকাৰ শালনা আঞ্চলিক বন বিভাগ, নিৰ্লিপ্ত ভূমিকা গ্ৰহন কৰিছে ন’-নৈ চাহ বাগিছা কতৃপক্ষই। শালনা আঞ্চলিক বন বিষয়া জনে কেইজন বনকৰ্মী দ্বাৰা পহৰা দিয়াৰ ব্যৱস্থা কৰি দ্বায়িত্ব সামৰাৰ চেষ্টা কৰা দেখা পোৱা গৈছে। বাগিছা খনৰ শ্ৰমিক সকলৰ কাম খতি হোৱাৰ উপৰিও বনৰজাৰ আতংকত বিনীদ্ৰ ৰজনী কটাবলৈ বাধ্য হৈছে অঞ্চলৰ ৰাইজে। ইফালে ৰাজ্যত এটা বিয়াগোম বন বিভাগ তথা বহু সংখ্যক বনকৰ্মী থকাৰ পিছতো আহত বনৰজাকলৈ বন বিভাগে ল’ৰা-ধেমালি খেলি থকাৰ সময়ত চাপানালাৰ প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰাই দেখুৱালে উচিত নিদৰ্শন। বাগিছা খনত উপস্থিত হৈ দুলুৱে বাঘৰ সম্পৰ্কে সজাগতা সৃষ্টি কৰা দেখা পোৱা গ’ল। বন্যপ্ৰণী আৰু মানুহৰ সংঘাতৰ মূল কাৰণ সমূহ ফহিয়াই দেখুৱাৰ উপৰিও বন বিভাগে কোনো বিশেষ ধাৰণা নকৰাকৈয়ে পিঞ্জৰা পতাৰ কাণ্ডত হতভম্ব হয় প্ৰকৃতিপ্ৰেমী যুৱকজন।

Related Articles

Leave a Reply

Close