অসম

চামগুৰিত বন বিভাগৰ কাৰ্যালয়ত আক্ৰমণ দুৰ্বৃত্তৰ

প্ৰথম খবৰ,বঢ়মপুৰ: আজি চামগুৰিত ৰাজ্যৰ বন মন্ত্ৰী গৰাকী উপস্থিত হোৱাৰ কথা। ঠিক তাৰ প্ৰাক মুহুৰ্ততে যোৱানিশা চামগুৰিৰ উদমাৰি স্থিত খণ্ড বন বিষয়াৰ কাৰ্যালয়ত দুৰ্বৃত্তৰ ভয়ংকৰ আক্ৰমণ। ২০-২৫জনীয়া এটা দুৰ্বৃত্তৰ দলে বনকৰ্মী নথকাৰ সুযোগ গ্ৰহণ কৰি হাতে-হাতে চোকা অস্ত্ৰলৈ অতৰ্কিতে আক্ৰমণ চলাই সম্পূৰ্ণৰূপে ভাঙি তচনচ কৰিলে কাৰ্যালয়টোসহ সমীপতে থকা বন বিভাগৰে এটা পৰিদৰ্শন ভৱনো। এটা ফোন কলৰ ভিত্তিত বন কৰ্মীৰ দলটো সেই সময়ত গৈছিল হাতী খেদিবলৈ আৰু ঠিক তাৰ পিছতেই কাৰ্যালয়টোত এনেধৰণেৰে পৰিকল্পিত আক্ৰমণ চলোৱা কাৰ্যলৈ চাই বন মাফিয়াৰ দ্বাৰা এই সমগ্ৰ পৰিকল্পিত আক্ৰমণ চলোৱাৰ সন্দেহ প্ৰকাশ কৰিছে ভুক্তভোগী বন বিষয়া-কৰ্মীসকলে। ইফালে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত ততাতৈয়াকৈ চামগুৰি আৰক্ষীক আৰু প্ৰায় পাচ কিলোমিটাৰ নিলগতে থকা শালনা আঞ্চলিক বন বিষয়া জনক অবগত কৰা হৈছিল যদিও কিন্তু পূঁৱা পৰ্য্যন্ত ধ্বংস প্ৰাপ্ত কাৰ্যালয়টোত উপস্থিত নহল এজনো বিষয়া। সমগ্ৰ নিশাটো তীব্ৰ শংকাৰ মাজেৰে বন কৰ্মীৰ দলটোৱে পাৰ কৰিব লগীয়া হোৱা ঘটনাই প্ৰকৃততে চামগুৰিত বন মাফিয়াৰ গুণ্ডাগিৰিয়ে যে চৰম সীমা পাৰ কৰিছে তাক সহজতে অনুমান কৰিব পাৰিছে স্থানীয় সৰ্বসাধাৰণ ৰাইজে।

Related Articles

Leave a Reply

Close