অসম

জাঁজীত দুৰ্বৃত্তই লণ্ডভণ্ড কৰিলে প্ৰাথমিক বিদ্যালয়

প্ৰথম খবৰ, জাঁজী: শিৱসাগৰ জিলাৰ আমগুৰি শিক্ষা খণ্ডৰ অন্তৰ্গত জাঁজী ৫৬২ নং নৰাকোঁৱৰ বাইলুংগাঁও প্রাথমিক বিদ্যালয়ত নিশা কোনো দুৰ্বৃত্তই আক্ৰমণ চলাই বিস্তৰ ক্ষতি সাধন কৰে । দুৰ্বৃত্তই বিদ্যালয়খনৰ দুৱাৰ খিৰিকী ভঙাৰ লগতে আচবাব ধ্বংস কৰে । পানী বিশুদ্ধকৰণৰ বাবে ব্যৱহৃত ক্ৰংকিটৰ ফিল্টাৰ ভাঙি চূৰ্ণাকৃত কৰাৰ লগতে নামফলক ভাঙি পেলাই । বিদ্যালয় কৰ্তৃপক্ষ আৰু স্থানীয় ৰাইজে প্ৰকাশ কৰা মতে নৰা কোঁৱৰ বাইলুং গাঁৱৰ মাধুৰ্য ফুকন নামৰ ৪৫ বছৰীয়া মানসিক বিকাৰগ্ৰস্ত ব্যক্তিজনৰ দ্বাৰাই এই দুস্কাৰ্য সংঘটিত হৈছে । উল্লেখ্য যে, উক্ত ব্যক্তি জনে অঞ্চলটোত বিগত কিছুদিন ধৰি সন্ত্রাসৰ সৃষ্টি কৰি আহিছে । বিদ্যালয়খনৰ গাতে লাগি থকা ৰাজহুৱা নামঘৰৰো ক্ষতি কৰে দুৰ্বৃত্তই । ঘটনা সম্পৰ্কত গৌৰীসাগৰ আৰক্ষী থানাক অৱগত কৰা হৈছে ।

Related Articles

Leave a Reply

Close