অসম

জৰাজীৰ্ণ গৃহতে চলিছে দেশৰ ধৰণী স্বৰূপ শিশু সকলৰ পাঠদান

প্ৰথম খবৰ, খুমটাই : অসমৰ শিক্ষা খণ্ড আমোল পৰিৱৰ্তন হোৱাৰ সময়তে গোলাঘাট জিলাৰ বোকাখাত বিধানসভা সমষ্টিৰ অন্তৰ্গত পশ্চিম গোলাঘাট সংহত শিশু উন্নয়ন সেৱা আঁচনিৰ ১৩৭ নং মহুৰামুখ বৰটিকা গাওঁৰ অঙ্গনবাদী কেন্দ্ৰটোত দেশৰ ধৰণী স্বৰূপ কন কন শিশু সকলক অস্বাস্থ্যকৰ পৰিবেশ আৰু জৰাজীৰ্ণ গৃহতে ২০০২ চনৰ পৰা পাঠদান কৰি আহিছে । আজি প্ৰথম খবৰৰ আগত স্থানীয় ৰাইজে কয় যে, দৰিদ্ৰ সীমাৰেখাৰ তলৰ কন কন শিশু সকলে পাঠদান কৰা বিদ্যালয়ৰ বাবে চৰকাৰে কানসাৰ দিয়া নাই । গত বৰ্ষৰ বাৰিষা সময়ত কেইবাজনো শিশুৰ অস্বাস্থ্যকৰ পৰিবেশত পাঠদান কৰাৰ বাবে বিভিন্ন ৰোগত চিকিৎসাধীন হ’ব লগা হৈছিল । সেয়েহে ৰাইজে স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী অতুল বৰাক বিষয়টো অৱগত কৰিছে যদিও আজিকোপতি সুফল নাপালে।

Related Articles

Leave a Reply

Close