অসম

জৰাজীৰ্ণ বিদ্যালয় গৃহতে পাঠদান চলাইছে ছাত্ৰ ছাত্ৰীক

প্ৰথম খবৰ, খুমটাই : বৰ্তমান চৰকাৰ খনে শিক্ষা ক্ষেত্ৰত আমোল পৰিৱৰ্তন হৈছে বুলি কৈ থকাৰ সময়তে গোলাঘাট জিলাৰ বোকাখাত বিধানসভা সমষ্টিৰ অন্তৰ্গত গোলাঘাট পশ্চিম শিক্ষাখণ্ডৰ ২ নং বৰটিকা প্ৰাথমিক বিদ্যালয়খনৰ জৰাজীৰ্ণ গৃহ আৰু অস্বাস্থ্যকৰ পৰিবেশৰ মাজতে ৫৫ ছাত্ৰ ছাত্ৰীক পাঠদান কৰিব লগা হৈছে । উল্লেখ্য যে , আজি বিদ্যালয় খনৰ প্ৰধান শিক্ষক বিৰেণ লইঙে প্ৰথম খবৰ আগত জনাই যে বিদ্যালয় খনৰ জৰাজীৰ্ণ ঘৰতো আৰু বাহৰ বেৰা হোৱাত বৰষুণ দিলে ছাত্ৰ ছাত্ৰী সকলক পাঠদান কৰাত আৰু উপযুক্ত ডেক্স বেঞ্চৰ অভাৱত বহুতো অসুবিধা হোৱাৰ লগতে প্ৰায়ে বিদ্যালয় পাঠদান কৰি থকাৰ সময়ত বৰষুণ আহিলে বিদ্যালয়খন ছুটি দিব লগা অৱস্থা হয় । প্ৰধান শিক্ষক শ্ৰী লইঙে আৰু কয় যে বিদ্যালয় খনৰ এটা কাৰ্য্যালয় গৃহৰ অভাৱ বাৱে বিদ্যালয়ৰ যাৱতীয় কাগজ পত্ৰ লগতে বিদ্যালয়ৰ কিছু কাম কেতিয়াবা বিদ্যালয়ৰ পাঠদান এৰি নিজ গৃহতে কৰিবলগীয়া হয় । তাৎপৰ্যপূৰ্ণ কথা এই যে ১৯৭৯ চনতে স্থাপিত বিদ্যালয় খনৰ আজিকোপতি বিদ্যালয়ৰ আন্তগাঁথনি ধন নহাৰ বাবে বিদ্যালয়ৰ এই অৱস্থা বুলি বিদ্যালয় খনৰ পৰিচালনা সমিতিয়ে জানিবলৈ দিয়ে । সেয়েহে বিদ্যালয় খনৰ জৰাজীৰ্ণ গৃহৰ লগতে বিশুদ্ধ খোৱা পানী ব্যৱস্থা অতিসোনকালে কৰি দিবলৈ স্থানীয় সচেতন ৰাইজৰ লগতে বিদ্যালয় খনৰ পৰিচালনা সমিতিয়ে বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী অতুল বৰাক দাবী জনাইছে ।

Related Articles

Leave a Reply

Close