অসম

টীয়কৰ লাহিং মাজকুৰীৰ তীৰ্থ যাত্ৰীৰ মৃত্যু: অৰ্থৰ অভাৱত দিল্লীতেই সৎকাৰ মৃতকৰ

প্ৰথম খবৰ,টীয়ক: আস্থা নামৰ বিশেষ ৰে’লেৰে তীৰ্থযাত্ৰালৈ যোৱা অসমৰ বহু যাত্ৰীৰ লগতে টীয়কৰ লাহিং মাজকুৰিৰ অনামিকা চুতীয়া আৰু পৰিয়ালো গৈছিল। দুৰ্ভাগ্যজনক কথা যে সুশৰীৰে যোৱা অনামিকা চুতীয়াৰ পৰিয়ালে মৃত্যুৰ পাছত মৃতদেহ চোৱাৰ ভাগ্য নহ’ল অৰ্থৰ অভাৱত। টীয়কৰ লাহিং মাজকুৰীৰ চেনিৰাম চুতীয়াৰ পত্নী অনামিকা চুতীয়াই স্বামীৰ সৈতে আস্থা নামৰ বিশেষ ৰে’লেৰে তীৰ্থ যাত্ৰালৈ ওলাই গৈছিল অৱশ্যে অতিপাত গৰমত ৰে’ল বিভাগৰ নিম্নমান সেৱাত অসুস্থ হৈ পৰে অনামিকা চুতীয়া। অসুস্থ মহিলা গৰাকীক দিল্লীৰ এখন হস্পিতেলত ভৰ্তি কৰা হৈছিল যদিও চিকিৎসালয়তে মৃত্যুক সাৱতি ল’লে এইগৰাকী মহিলাই। মৃত্যুৰ পিছত অৰ্থৰ অভাৱত দিল্লীতেই সৎকাৰ কৰিবলৈ বাধ্য হ’ল। বৰ্তমান লাহিং মাজকুৰীবাসীয়ে ৰাজেন গোঁহাইৰ মন্তৱ্যক তীব্ৰভাৱে গৰিহনা দিছে।

Related Articles

Leave a Reply

Close