অসম

ডিগবৈত অবৈধ সুৰাৰ বিৰুদ্ধে আবকাৰী অভিযান: আটক ১২ জন, ১৭ জনৰ বিৰুদ্ধে গোচৰ ৰুজু

প্ৰথম খবৰ, পেঙেৰী: তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাত অবৈধ চুলাই মদৰ ব্যৱসায়ীৰ বিৰুদ্ধে আবকাৰী বিভাগে অভিযান তীব্ৰতৰ কৰি তুলিছে৷ ডিগবৈ আৰু মাৰ্ঘেৰিটা আবকাৰী চক্ৰই আজি মাৰ্ঘেৰিটা মহকুমাৰ বিভিন্ন প্ৰান্তত অবৈধ সুৰাৰ বিৰুদ্ধে বৃহৎ অভিযান চলাই বহুকেইটা চুলাই মদৰ ফেক্টৰী ধ্বংস কৰে৷ জানিব পৰা মতে আজি দিনৰ ভাগত ডিগবৈ আৰু মাৰ্ঘেৰিটা আবকাৰী চক্ৰই মাৰ্ঘেৰিটা বনগাঁও, ডিবং, লালগুলা, লং টং, জাগুন, পাৱৈকে ধৰি কেইবাটাও অঞ্চলত অভিযান চলাই বৃহৎ সংখ্যক চুলাই ভাটী উচ্ছেদ কৰে৷ আজিৰ অভিযানত ৩ হেজাৰ ৩০ লিটাৰ চুলাই বনোৱাত ব্যৱহৃত গেলা পাছ, ১১৭ লিটাৰ চুলাই আৰু ৫ টা মদ বনোৱা যন্ত্ৰ ,৩৭:৯৮ বেৰল পৰিমানৰ দেশীয় সুৰা, ২৭: ৯৫ বেৰল পৰিমানৰ বিয়েৰ, ৭: ৮০ বেৰল পৰিমানৰ অৰুণাচলী বিলাতী সুৰা আৰু ৪:২৬ বেৰল পৰিমানৰ অৰুণাচলী বিয়েৰ জব্দ কৰে৷ আনহাতে, অভিযানৰ সময়ত ১৬ জনকৈ চুলাই বেপাৰীৰ বিৰুদ্ধে অসম আবকাৰী আইন ২০০০ ৰ অধীনত গোচৰ ৰুজু কৰাৰ লগতে ১২ জনকৈ লোকক আবকাৰী বাহিনীয়ে গ্ৰেপ্তাৰ কৰে৷

Related Articles

Leave a Reply

Close