অসম

ডিব্ৰুগড়ৰ নগাঘূলীত সন্ধানহীন যুবকৰ মৃতদেহ উদ্ধাৰ

প্ৰথম খবৰ,লাহোৱাল: ডিব্ৰুগড় জিলাৰ ৰহমৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত হাঁহৰীয়াল গেণীচুক গাৱৰ সন্ধানহীন হৈ থকা যুৱক এজনৰ মৃতদেহ আজি ডিব্ৰুগড় নগাঘূলীৰ ব্ৰহ্মপুত্ৰৰ পানীযুঁৱলিৰ পৰা উদ্ধাৰ কৰা হয় । জানিব পৰা মতে হাঁহৰীয়াল গেণীচুক গাঁৱৰ নিতামণি কোঁচৰ পুত্ৰ ধ্ৰুৱজ্যোতি কোঁচ যোৱা ১৪ মে’ৰ আবেলিৰ পৰা নিজ বাসগৃহৰ পৰা নিখোজ হৈ আছিল । বৰ্তমান মৃতদেহটো আৰক্ষীয়ে উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।

Related Articles

Leave a Reply

Close