অসমশীৰ্ষ

ডিমৌত ব্যতিক্ৰমী প্ৰচেষ্টাৰে মহিলাই মঞ্চস্থ কৰিলে নাটক

প্ৰথম খবৰ, ডিমৌ:  যিটো সময়ত অসমীয়াই ৰঙালী বিহুৰ উন্মাদনাত উটি ভাহি মঞ্চ বিহুত ব্যস্ত আছে তেনে সময়তে তথা অসমীয়া কৃষ্টি-সংস্কৃতি সংকটৰ এই মুহূৰ্ত্বত ডিমৌৰ ঐতিহাসিক চৰ’গুৱা গাঁৱৰ মহিলাসকলে অভিনৱ প্ৰয়াসেৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নাম ধৰ্মৰ এক অংশ তথা ভাগৱতৰ এটি খণ্ড “শ্ৰীবৎস চিন্তা যাত্ৰা পালা” নামৰ এখন নাটক মঞ্চস্থ কৰি উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে । চৰ’গুৱা গাঁৱৰ বোৱাৰী-জীয়াৰী মহিলা সমিতিৰ উদ্যোগত আৰু সমূহ চৰ’গুৱাবাসী ৰাইজৰ সহযোগত যোৱা ২০ মে’ ২০১৭ তাৰিখ শনিবাৰে অনুষ্ঠিত কৰা নাটকখনিত সকলো আয়োজনকে ধৰি অভিনয়তো কেৱল মহিলাসকলেই নিজেই জৰিত আছিল । ই সঁচাকৈ প্ৰশংসনীয় তথা এক ব্যতিক্ৰমী প্ৰয়াস । সন্ধ্যা সাংস্কৃতিক কাৰ্যসূচীৰ শুভাৰম্ভণীৰ লগতে শ্ৰীবৎস চিন্তা যাত্ৰা পালা নাটকৰ উদ্বোধন কৰে ১০৭ নং থাওৰা বিধানসভা সমষ্টিৰ বিধায়ক কুশল দুৱৰীয়ে। বিধায়কজনে মহিলাসকলৰ এই প্ৰচেষ্টাত সলাগ লয় আৰু এনেবোৰ কাৰ্যসূচীয়ে অসমীয়া সংস্কৃতিৰ লগতে আধ্যাত্মিকতাৰ প্ৰতি নৱ-প্ৰজন্মক অধিক আকৰ্ষিত কৰিব বুলি সাংবাদিকৰ আগত জানিবলৈ দিয়ে ।আজিৰ এই বিশ্ৰায়নৰ যুগত এনেধৰণৰ যাত্ৰা নাটকসমূহৰ প্ৰচলন ক্ৰমাত নোহোৱা হৈ পৰিছে। যিটো অসমীয়া সংস্কৃতিৰ বাবে চিন্তনীয় এটি বিষয় । এইধৰণৰ প্ৰয়াসে ৰাইজৰ মাজত নিজস্ব সংস্কৃতিৰ প্ৰতি যথেষ্ট সজাগ-সচেতন কৰিব বুলি আয়োজকসকলে কামনা কৰিছে ।

Related Articles

Leave a Reply

Close