অসম

দীৰ্ঘ বিৰতিৰ অন্তত আনুষ্ঠানিক ভাৱে মুকলি হল ৰহা মীন মহাবিদ্যালয়


প্ৰথম খবৰ,ৰহা,বটদ্ৰৱা: ১৯৮৮ চনত ৰহাত স্থাপন কৰা ৰহা মীন মহাবিদ্যালয়ৰ নতুন প্ৰশাসনীয় ভৱন আৰু অন্যান্য ভৱন সমূহৰ আজি আনুস্থানিক ভাৱে উদ্বোধন কৰে কেন্দ্ৰীয় ৰাজ্যিক ৰেলমন্ত্ৰী ৰাজেন গোঁহায়ে ৷ অনুষ্ঠানত অসমৰ কৃষি মন্ত্ৰী অতুল বৰা, অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য কমল মল্ল বুজৰবৰুৱা, নগাঁও জিলাৰ উপায়ুক্ত চমচেৰ সিং, জিলাৰ আৰক্ষী অধীক্ষক দেবৰাজ উপাধ্যায় আৰু কৃষি আৰু মীন বিভাগৰ উচ্চ পদস্থ বিষয়া আদিয়ে অংশ গ্ৰহন কৰে। ১৬ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা গৃহৰ উদ্বোধনীৰ অনুস্থানত উপস্থিত নাথাকিল ৰহাৰ বিধায়ক ডিম্বেশ্বেৰ দাস। নিমন্ত্ৰণী চিঠিটো নাম নাছিল ৰহাৰ বিধায়কৰ। মীন মহাবিদ্যালয়ৰ প্ৰতিস্থাকালৰ ৰহাৰ বিধায়ক তথা তেতিয়াৰ মীন মন্ত্ৰীগৰাকীও সভাত উপস্থিত আছিল যদিও উপেক্ষিত হৈ ৰ’ল। ইয়াকে লৈ ৰহাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

Related Articles

Leave a Reply

Close