অসম

দুয়োটা বৃক্ক বিকল ‘কাকলি’ সুস্থ হৈ মাজুলীত উপস্থিত : মুখ্যমন্ত্ৰীক কৃতজ্ঞতা মাজুলীবাসীৰ

প্ৰথম খবৰ, উজনি মাজুলী: মাজুলী জিলাৰ অন্তৰ্গত শ্ৰীৰাম তেলীয়াবাৰী গাঁৱৰ নিবাসী বিধৱা মহিলা জ্যোতি কলিতাৰ কন্যা কাকলি কলিতা নামৰ কণমানিজনীৰ দুয়োটা বৃক্ক বিকল হৈ পৰিছিল আজিৰ পৰা তিনি – চাৰি বছৰৰ আগতেই। অকলশৰীয়া মাতৃ গৰাকীয়ে হাতৰ কাণৰ সকলো বিক্ৰী  কৰি কন্যা শিশুটিক চিকিৎসা কৰিছিল যদিও টকাৰ অভাৱৰ বাবে উন্নত চিকিৎসা কৰিব নোৱাৰাত পৰিয়ালটো মানসিক ভাৱে সম্পূৰ্ণ ভাগি পৰিছিল। কংগ্ৰেছ চৰকাৰখনক বহু বাৰ সহায় বিচাৰি আবেদন কৰিও সহায় নাপায় ঘৰতেই নিজ সন্তানৰ ক্ৰমান্বয়ে ভাগি পৰা স্বাস্থ্য চকুৰ আগতলৈ দিশহাৰা হৈ পৰিছিল জ্যোতি কলিতা। আজিৰ পৰা এঘাৰ মাহ আগত অসমৰ লগতে এই দৰিদ্ৰ পৰিয়ালটোৰ বাবেই যেন ত্ৰাণ ৰ্কত্তাৰ ৰূপত গঠন হ’ল বিজেপি চৰকাৰ খন। কাকলিৰ মাতৃ জ্যোতি কলিতাই চলিত বৰ্ষৰ ১৪ ফ্ৰেব্ৰুৱাৰীত মাজুলীৰ গড়মূৰস্থিত আৱৰ্ত ভৱনত স্থানীয় বিধায়ক তথা মুখ্যমন্ত্ৰী জনক লগ কৰি নিজ সন্তানৰ স্বাস্থ্যৰ বিষয়ে অৱগত কৰাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে তাৎক্ষণিকভাৱে কাকলিৰ চিকিৎসাৰ ক্ষেত্ৰত প্ৰাৰম্ভিক পদক্ষেপ গ্ৰহণ কৰিবলৈ মাজুলী জিলাৰ উপায়ুক্তক আহ্বান জনাই আৰু কণমানি কাকলিৰ সম্পূৰ্ণ চিকিৎসাৰ দায়িত্ব লোৱাৰ প্ৰতিশ্ৰুতি দিয়ে । উপায়ুক্ত গৰাকীয়ে ২৩ ফেব্ৰুৱাৰীত কাকলিক চিকিৎসাৰ বাবে গুৱাহাটীলৈ যোৱাৰ যাৱতীয় সকলো ব্যৱস্থা কৰি দিয়ে। ২৪ ফেব্ৰুৱাৰীৰ পৰা বৰ্তমানলৈকে গুৱাহাটীত উন্নত চিকিৎসাৰ অন্তত সুস্থ শৰীৰে কাকলি আৰু মাতৃ আজি আহি মাজুলীত উপস্থিত হয় । আৰু পোনে পোনে মাজুলীৰ গড়মূৰস্থিত বিজেপিৰ কাৰ্যালয়ত উপস্থিত হৈ সংবাদ মাধ্যম আৰু উপস্থিত জনসাধাৰণৰ আগত দুচকুত আনন্দৰ চকুলো লৈ মাতৃৰ লগতে কাকলিয়ে মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা লগতে মাজুলীৰ উপায়ুক্ত পল্লৱ গোপাল ঝা, মাজুলী বিজেপিৰ শলাগ লোৱাৰ লগতে এনে ধৰণৰ জনমুখী কাৰ্যই দৰিদ্ৰ পৰিয়ালৰ মংগল সাধনৰ কথা দোহাৰে। কাকলিৰ পৰিয়াল আৰু মাজুলীৰ সৰ্বস্তৰৰ জনসাধাৰণে নতুন চৰকাৰখনক শলাগ লৈ দীৰ্ঘায়ু কামনাৰে মন্তব্য প্ৰকাশ কৰে।

Related Articles

Leave a Reply

Close