অসম

দেৰগাওঁত সুৰাৰ বিৰুদ্ধে ৰাজপথত শ শ মহিলা

প্ৰথম খবৰ,দেৰগাঁও: দেৰগাঁৱক মদমুক্ত কৰিবলৈ এইবাৰ শতাধিক মহিলাৰ ৰণচালি। সমাজৰ বৰব্যাধি স্বৰূপ মদে ধ্বংস কৰিছে বহু পৰিয়াল ৷ মুহূৰ্ততে পঙ্গু কৰি পেলাইছে নৱপ্ৰজন্মৰ বৌদ্ধিক শৈক্ষিক বিকাশ । এইবাৰ মদৰ অবাধ প্ৰচলনৰ বিৰুদ্ধে ৰণচালি ধৰিছে দেৰগাঁৱৰ একাংশ মহিলাই এক অভিনৱ ,ব্যতিক্ৰমী প্ৰত্যাহ্বান। পথৰ ওপৰত মদ বিৰোধী শ্ল’গানেৰে শতাধিক মহিলাৰ ৰণচণ্ডী ৰূপ ধাৰণ কৰি ওলাই আহিল l মদ মুক্ত অসম দাবী সমিতিৰ আহ্বানত হিলদ’ল ভাঙি ওলাই আহিল হাঁহচৰা গাঁৱৰ মহিলা। অঞ্চলটোৰ মদ ব্যৱসায়ী সকলৰ ঘৰে ঘৰে গৈ বন্ধুত্বসুলভ ভাৱে মদ ব্যৱসায় বন্ধ কৰি মহিলাসকলৰ মদ বিৰোধী এই অভিযানত সহযোগ কৰিবলৈ আহ্বান জনালে সকলোকে । মহিলাসকলৰ অনুৰোধ গুৰুত্ব নিদি যদি পাছৰ পৰ্যায়ত পুনৰ মদ ব্যৱসায় চলাই যায় তেতিয়া মহিলাসকলে এই মদ ব্যৱসায়ী সকলৰ বিৰুদ্ধে আইন হাতত তুলি লোৱাৰো হুংকাৰ দিলে । এই অভিনৱ আন্দোলনে ক্ৰমাগতভাৱে প্ৰসাৰতা লাভ কৰা পৰিলক্ষিত হৈছে l

Related Articles

Leave a Reply

Close