অসম

দৰং জিলাৰ ৰঙামাটিত বিত্তীয় স্বাক্ষৰতা শিবিৰ


প্ৰথম খবৰ,মংগলদৈ: দৰং জিলাৰ মঙলদৈ সমষ্টিৰ ৰঙামাটি পঞ্চায়তৰ ৰঙামাটি পশু চিকিৎসা বিষয়া ডা: যুগব্ৰত নাথৰ আহ্বান মৰ্মে নেচনেল য়ুথ ওৱেলফেয়াৰ এচছিয়েছনৰ ইণ্ডিয়াৰ সম্পাদক লক্ষ্য ভৰালীৰ উদ্যোগত আজি এক বিত্তীয় স্বাক্ষৰতা শিৱিৰ দাৰিয়াপাৰাত অনুস্থিত হৈ যায়। সভাত চিদ বিৰ মেনেজাৰ অসীম বৈশ্যই যুৱ প্ৰজন্মৰ মাজত বেংকৰ লগত লেনদেন কৰি স্বাৱলম্বী হোৱা সহায়ক ভাষণ প্ৰদান কৰাৰ লগতে স্থানীয় বিধায়ক গুৰুজ্যোতি দাসে সমগ্ৰ ৰঙামাটি অঞ্চলটি পশু পালনৰ বাবে উপযোগী হোৱাৰ বাবে যুৱ প্ৰজন্মক বেংকৰ পৰা ঋণ লৈ পশুপালনৰে স্বাৱলম্বী হৱলৈ পৰামৰ্শ আগবঢ়োৱাৰ লগতে ইউ বি আই, চি বি আই, আৰু বি ও আই ইণ্ডিয়া বেংকৰ শাখা প্ৰৱন্ধকে মুদ্ৰা ঋণৰ ওপৰত বিভিন্ন ভাষণ আগবঢ়ায় ৷

Related Articles

Leave a Reply

Close