অসম

দৰঙত ৫ দিনীয়াকৈ যোগ প্ৰশিক্ষন

প্ৰথম খবৰ, দেওমৰনৈ, দৰং: পতঞ্জলি যোগপীঠ হৰিদ্বাৰৰ পৰিচালনাত পতঞ্জলি যোগ সমিতি, দৰং জিলা সমিতিৰ উদ্যোগত যোগ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে পাথৰিঘাট শ্বহীদ ভৱনত ৩ তাৰিখৰ পৰা ৫ দিনীয়াকৈ অনুস্থিত হোৱা প্ৰশিক্ষন কাৰ্যসূচীৰ আজি সামৰণী পৰে। প্ৰশিক্ষন কাৰ্যসূচীত উপস্থিত থাকে দৰং জিলাৰ যোগ প্ৰচাৰক প্ৰহ্লাদ দাস। প্ৰশিক্ষন কাৰ্যসূচী ৰূপায়ণৰ উদ্যোগ লয় যোগ প্ৰশিক্ষক তথা প্ৰকৃতি সুৰক্ষা পৰিষদৰ দৰং জিলা সমিতিৰ সভাপতি প্ৰবিত্ৰ প্ৰান ডেকা আৰু সমাজ সেৱক বিমল ডেকাই। যোগ প্ৰশিক্ষনৰ লগত সংগতি ৰাখি ৰাজপথত যোগৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে ৰাজপথত শোভাযাত্ৰাও ৰূপায়ণ কৰে উদ্যোক্তা সকলে ।

Related Articles

Leave a Reply

Close