অসম

নগাঁৱত অধিবক্তাৰ ঘৰলৈ গুলীচালনা

প্ৰথম খবৰ, নগাঁও: নগাঁও চহৰৰ সমীপৰ মধ্যশিয়ালমাৰিত বৃহস্পতি বাৰে মাজ নিশা সংঘটিত হয় গুলী চালনাৰ ঘটনা। এই ঘটনা সংঘটিত হৈছে মধ্যশিয়ালমাৰি নিবাসী অধিবক্তা চোহাৰবউদ্দিন আহমেদৰ ঘৰত । মাজনিশা গাড়ী লৈ অহা এটা দুৰ্বৃত্তৰ দলে অধিবক্তা গৰাকীৰ গেইট আৰু গ্ৰীলৰ তলা ভাঙি ঘৰৰ ভিতৰত প্ৰৱেশৰ চেষ্টা কৰাৰ লগতে অচিনাক্ত দুৰ্বৃত্তৰ দলটোৱে শূন্যলৈ গুলী চালনা কৰে । ইপিনে গুলীৰ শব্দ শুনি অধিবক্তা গৰাকী আৰু তেওঁৰ পৰিয়ালৰ লোকে শংকিত হৈ চিঞৰ-বাখৰ কৰাত প্ৰতিবেশী ৰাইজো ঘৰৰ বাহিৰলৈ ওলাই আহে। ৰাইজক দেখি ঘটনাস্থলীৰ পৰা দুৰ্বৃত্তৰ দলতো পলায়ন কৰে । ইফালে পৰিয়ালৰ লোকে আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় । আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰে তিনিটাকৈ খালী কাৰ্টীজ আৰু এটা হস্তনিৰ্মিত ফটকা বম। আনহাতে অধিবক্তা গৰাকীৰ পুত্ৰই উক্ত ঘটনাটোত তেওঁলোকৰ কোনো পৰিয়ালৰ লোক জড়িত আছে বুলি সন্দেহ প্ৰকাশ কৰিছে । উল্লেখ্যে অধিবক্তা গৰাকীৰ পৰিয়ালৰ একাংশ ব্যক্তিৰ লগত দীৰ্ঘদিন ধৰি এটুকুৰা ভূমিক কেন্দ্ৰ কৰি সংঘাত চলি আহিছিল । এই ঘটনাৰ বহিঃপ্ৰকাশৰ ফলতে উক্ত ঘটনা সংঘটিত হৈছে বুলি চোহাৰবউদ্দিনৰ পৰিয়ালে জানিবলৈ দিয়ে । ঘটনা সন্দৰ্ভত অধিবক্তা গৰাকীয়ে নগাঁও সদৰ আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

Related Articles

Leave a Reply

Close