অসম

নগাঁৱৰ শেনছোৱাত এগৰাকী ব্যক্তিৰ মৃত্যুক লৈ উত্তেজনা

প্ৰথম খবৰ, নগাঁওঃ নগাঁও চহৰৰ সমীপৰ শেনছোৱাৰ গুৰিপঠাৰত আজি এগৰাকী ব্যক্তিৰ মৃত্যুক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হয় তীব্ৰ উত্তেজনাৰ। এইগৰাকী মৃত ব্যক্তিৰ নাম কনক চন্দ্ৰ কলিতা। সোমবাৰে নিশা মৃত্যু মুখত পৰা কনক চন্দ্ৰ কলিতা বিগত চাৰিদিন ধৰি চিকিৎসালয়ত চিকিৎসাধীন  হৈ আছিল। পৰিয়ালৰ লোকে জনোৱামতে ২৭ এপ্ৰিলৰ পুৱা বাৰীত কাম কৰি থকা অৱস্থাত মৃত কনক কলিতাক ওচৰৰে হিৰক জোতি দাস নামৰ যুৱক জনে মূৰত ইটাৰে আঘাত কৰিছিল। পিছত পৰিয়ালৰ লোকে অচেতন অৱস্থাত তেওঁক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰাইছিল যদিও মগজুৰ পৰা অধিক ৰক্তক্ষৰণ হোৱাত কালি নিশা ব্যক্তি গৰাকী মৃত্যু মুখত পৰে।আনহাতে উক্তঘটনা সম্পৰ্কত কনক কলিতাৰ পৰিয়ালৰ লোকে হয়ৱৰগাঁও আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছিল যদিও হিৰক নামৰ যুৱক জনৰ লগতে তেওঁৰ পৰিয়ালৰ সকলো ব্যক্তি ঘৰৰ পৰা পলায়ন কৰে। ইপিনে এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি জনোৱা মৃত ব্যক্তি জনৰ পৰিয়ালৰ মতে প্ৰায় ৪০ বছৰ মানৰ আগত কনক কলিতাই এটুকুৰা মাটিৰ গোচৰৰ সাক্ষী দিছিল। উক্ত গোচৰটোত হিৰক জোতি দাস নামৰ যুৱক জনৰ পিতৃ হাৰিছিল। ফলস্বৰপে সেই দিন ধৰি কনক কলিতাৰ প্ৰতি শত্ৰুতা ভাৱ গঢ় লৈ উঠিছিল হীৰকৰ পৰিয়ালৰ। বিভিন্ন সময়ত হীৰকৰ পৰিয়ালে এওঁলোকক ভাবুকি প্ৰদান কৰি আহিছিল ৷ এই ঘটনাৰ কিছুদিন পূৰ্বে হিৰকে আনকি ফেচবুকত ষ্টেটাচ দিছিল মোৰ দেউতাৰ শত্ৰু মোৰ শত্ৰু বুলি।আৰু ইয়াৰ পিছতেই হীৰকে পৰিকল্পিতভাৱে কনক কলিতাক আঘাত কৰে। আনাহাতে আজি ব্যক্তি গৰাকীৰ মৃতদেহ নিজ বাসগৃহ পোৱাৰ লগে লগে এক হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি হয়।স্থানীয় ৰাইজে অপৰাধী হিৰকৰ বাসগৃহ আক্ৰমণ কৰিব উদ্যত হয়। পিছত অৱশ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে দোষক শাস্তি কৰায়ত্ত কৰাৰ লগতে আশ্বাস প্ৰদান কৰে ৷

Related Articles

Leave a Reply

Close