অসম

নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি

প্ৰথম খবৰ, নলবাৰী: নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত দেওবাৰে সন্ধিয়া সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি। এগৰাকী নৱজাতকৰ মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতিৰ। উল্লেখ্য যে জিলাখনৰ সাগৰকুছি গাঁৱৰ সুস্মিতা ডেকা নামৰ গৰ্ভৱতী মহিলাগৰাকীক নিশা প্ৰায় দুই বজাত চিকিৎসালয়ত ভৰ্ত্তি কৰাইছিল যদিও চিকিৎসকে সাধাৰণ ভাৱে প্ৰসৱ কৰাবলৈ চেষ্টা চলাই থাকে।ফলত আজি আবেলি প্ৰায় চাৰি বজাত মহিলাগৰাকীয়ে এটি পুত্ৰ সন্তান জন্ম দিয়ে। ইপিনে নাৰ্চে শিশুটি অসুস্থ থকাৰ অচিলা লৈ বহু সময় আই চি ইউ ত ৰাখে। আৰু পিছত চিকিৎসালয় সুত্ৰই শিশুটি মৃত বুলি ঘোষণা কৰে। এই খবৰ শুনাত উত্তেজিত হৈ পৰে। আৰু উত্তেজিত একাংশই হৈ হাল্লাৰ সৃষ্টি কৰে চিকিৎসালয়ৰ ভিতৰত। ইফালে নৱজাতকৰ পৰিয়ালৰ এনে ৰুদ্ৰ মূৰ্ত্তি দেখি ঘটনাস্থলীত CRPF আৰু আৰক্ষী মোটায়ন কৰে।আনহাতে এই খবৰটো পাই শোঁকত ভাঙি পৰে পৰিয়ালৰ লোক সকল। পৰিয়ালৰ লোকৰ অভিযোগ কোনো ৰোগীয়ে মুঠেই সুৰক্ষিত নহয় চিকিৎসালয়খনত। এটা কেন্দুলা অথবা চেলাইন লব লাগিলে ভৰিব লাগে ধন। আনকি শিশুটি জন্মৰ সময়তো নাৰ্চক পৰিয়ালে দিব লগীয়া হৈছিল ৫০০ টকা। স্বাস্থ্য বিভাগৰ কাণ্ডজ্ঞানহীন এই সকল কৰ্মচাৰীৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ আহ্বান মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ।

Related Articles

Leave a Reply

Close