অসম

নাম সলনি হ’ল চতিয়াৰ নাৰী শিক্ষাৰ উচ্চ শিক্ষানুষ্ঠান চতিয়া বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ

প্ৰথম খবৰ,চতিয়া: চতিয়াৰ নাৰী শিক্ষাৰ একমাত্র উচ্চ শিক্ষানুষ্ঠান চতিয়া বালিকা উচ্চ মাধ্যমিক বিদ্যালয় খন চতিয়াৰ কেইজনমান সমাজ সচেতন ব্যক্তিৰ বিশেষ তৎপৰতাত ১৯৫৭ চনতে প্ৰতিষ্ঠা লাভ কৰিছিল। ১৯৫৭ চনৰপৰা বিদ্যালয় খনৰ এই ৬০ বছৰীয়া পৰিক্ৰমাত বিদ্যালয় খনিৰ শাৰী শাৰী আমলখি গছৰ তলৰ আমলখি বুটলি,বিদ্যালয়ৰ সেউজীয়া ঘাঁহনি গচকি সমাজৰ বিভিন্ন স্তৰত শিপিনীৰ পৰা মহাবিদ্যালয়ৰ প্ৰবক্তালৈকে, অভিযন্তাৰ পৰা চিকিৎসকৰলৈকে, পৰ্বতাৰোহণকাৰীৰ পৰা সু-গৃহিনীলৈকে তথা অভিনেত্ৰীৰ পৰা বিশ্ব পৰ্যায়ৰ খেলুৱৈকে সকলোৱে সমাজৰ বিভিন্ন দিশত আগবাঢ়ি গৈছে। এই নাৰী একমাত্র শিক্ষানুষ্ঠান খনিৰ পৰাই মনিকুন্তলা ভট্টাচাৰ্য , মিনাক্ষী বুঢ়াগোহাঁই ,ৰশ্মিৰেখা ভূঞাৰ দৰে লেখিকা , মৃদুলা বৰুৱা, অংকিতা শইকীয়াৰ দৰে অভিনেত্ৰী , শান্তা উজিৰৰ দৰে গায়িকা, জোনালী শইকীয়াৰ দৰে বিশ্ব পাঞ্জা চেম্পিয়ন খেলুৱৈ, ময়ূৰজ্যোতি শইকীয়াৰ নিচিনা পৰ্বতাৰোহণকাৰীৰ সৃষ্টি হৈছিল । কিন্ত সময়ৰ পৰিবৰ্তনত ৬০ বছৰীয়া বহু ইতিহাস খচিত এই বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ক এতিয়াৰ পৰা জ্ঞান-বিকাশ একাডেমী নামেৰে জনা যাব।অসম চৰকাৰৰ শিক্ষা বিভাগৰ এ এছ ই ৩৮৭/২০১২/৪৪ নং নিৰ্দেশনা Ktterno ASE-1168/2016/499 অনুসৰি চতিয়া বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ক সহ-শিক্ষানুষ্ঠান হিচাপে ঘোষণা কৰা হয় আৰু বিদ্যালয় খনক জ্ঞান-বিকাশ একাডেমী হিচাবে নামাকৰণ কৰা হয়।এতিয়াৰ পৰা ইয়াত ছাত্ৰীৰ লগতে ছাত্ৰইও নামভৰ্তি কৰি শিক্ষা গ্ৰহন কৰিব পাৰিব।

Related Articles

Leave a Reply

Close