অসম

নাৰায়ণপুৰত শিশু উদ্ধাৰ

প্ৰথম খবৰ, নাৰায়ণপুৰ: শিশু শ্ৰমিকৰ বিৰুদ্ধে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে সজাগতা-আন্দোলনে গা কৰি উঠিছে যদিও এতিয়াও গা লৰা নাই এচাম লোকৰ ৷ শুকুৰবাৰে উজনিমুৱা ৰঙিয়া-মুকংচেলেক যাত্ৰীবাহী ৰেলত উদ্ধাৰ হৈছে এটি শিশু ৷ চুমন বৰা নামৰ প্ৰায় দহবছৰীয়া শিশুটো উদ্ধাৰ হৈছে গহপুৰৰ ডুবিয়া ৰেল ষ্টেছনত ৷ ৰঙিয়াৰ পৰা আহি থকা ৰে’লখন ডুবিয়া ষ্টেছন পাওতে নাৰায়ণপুৰৰ নৰেন বৰা নামৰ লোকজন থকা ডবাটোত উঠিছিলহি শিশুটি ৷ ফটা-চিটা মলিন কাপোৰ পিন্ধা শিশুটোক সোধা-পোছা কৰাত ঘৰ বিশ্বনাথ চাৰিআলিত বুলি জানিবলৈ দিয়ে ৷ দেউতাকৰ নাম হৰচিৎ বৰা বুলি ক’লেও মাকৰ নাম ক’ব পৰা নাই শিশুটিয়ে ৷ বিশ্বনাথৰ হোটেলত কাম কৰা শিশুটোৱে কষ্ট পাই হোটেলখনৰ পৰা পলায়ন কৰা বুলি জানিবলৈ দি নৰেন বৰাৰ আশ্ৰয় বিচৰাত নৰেন বৰাই ঘৰলৈ লগত লৈ আহে ৷ ইতিমধ্যে নাৰায়ণপুৰ আৰক্ষী থানাত শিশুটিৰ সম্পৰ্কে অৱগত কৰিছে নৰেন বৰাই ৷ আৰক্ষীয়ে সাময়িকভাবে শিশুটিক নৰেন বৰাৰ লগতে ৰখাৰ অনুমতি দিয়ে ৷ একমাত্ৰ ককায়েকৰ বাহিৰে মাক-দেউতাক নাই বুলি জনোৱা শিশুটোৰ প্ৰকৃত পৰিচয় লাভ কৰিলে পৰিয়ালৰ লোকক চমজাই দিব বুলি জনাইছে নৰেন বৰাই ৷ অন্যথা নিজ সন্তানৰ দৰে ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সহৃদয়ৱান ব্যক্তি নৰেন বৰাই ৷

Related Articles

Leave a Reply

Close