অসম

নিশা ডিফুতো ভয়াৱহ অগ্নিকাণ্ড


প্ৰথম খবৰ,খেৰণি,ডিফু,৩ মে’: নিশা ডিফুৰ মাজমজিয়াত ভয়াৱহ অগ্নিকাণ্ড৷ আগ্নিকাণ্ডত ব্যৱসায় প্ৰতিষ্ঠান ভস্মীভূত৷ অগ্নিকাণ্ডৰ সময়ত প্ৰচণ্ড শব্দৰে গেছ চিলিণ্ডাৰো ভয়ানকভাৱে বিস্ফোৰণ ঘটে আৰু লগে লগে হুৱাদুৱা লাগে ৰাইজৰ মাজত৷ নিশা নিৰৱ নিস্তব্ধ হৈ থকা ঘটনাস্থলীত কোনো লোক হতাহত হোৱা নাই যদিও লক্ষ্যধিক টকাৰ সম্পত্তি জুইত জাহ যায় এই অগ্নিকাণ্ডত৷ এখন হোটেলৰ পৰা জুইৰ সূত্ৰপাত ঘটাৰ সন্দেহ স্থানীয় বাসিন্দাৰ৷ অৱশ্যে ৰাইজ আৰু অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতা আৰু আপ্ৰাণ চেষ্টাত কম সময়তে জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়৷

Related Articles

Leave a Reply

Close