অসমশীৰ্ষ

“প্ৰথম খবৰ”ৰ তথ্যই জগালে বন বিভাগক: বহৰিত জব্দ অৰ্ধ শতাধিক অবৈধ কাঠৰ দোকান

প্ৰথম খবৰ, বৰপেটা:প্ৰথম খবৰৰ তথ্যৰ ভিত্তিত বৰপেটাৰ বহৰিত আৰক্ষী আৰু বন বিভাগৰ ব্যাপক অভিযান ৷ অভিযানত জব্দ হয় দূটাকৈ অবৈধ গুদাম ঘৰ৷ ঘৰ দূটাত প্ৰায় ১০০ ঘনমিটাৰ বহু মূল্যৱান চোৰাং কাঠ জব্দ কৰা হয় ৷ বিগত বহু বছৰ ধৰি বহিঃৰাজ্য মেঘালয়ৰ পৰা অহা চোৰাং কাঠেৰে বৰপেটাৰ বহৰিকে ধৰি জিলা খনৰ বিভিন্ন প্ৰান্তত এটা দুষ্ট চক্ৰই অবৈধভাৱে চলাই আহিচিল কাঠৰ এই ৰমৰমীয়া বেহা ৷ আজি “প্ৰথম খবৰ”ৰ তথ্যৰ ভিত্তিত বহৰি আৰক্ষী আৰু বন বিভাগে অঞ্চলটোত চলোৱা এক অভিযানত এই তথ্যৰ সত্যতা প্ৰমাণ হয় ৷ অভিযানকালত বহৰি অঞ্চলৰ প্ৰায় অৰ্ধ শতাধিক অনুজ্ঞাপত্ৰ নথকা সৰু-বৰ কাঠৰ দোকানৰ লগতে অবৈধবাৱে বৃহৎ পৰিমাণৰ কাঠ মজুত কৰি ৰখা দুটাকৈ গুদাম ঘৰো বন বিভাগে চীল কৰিবলৈ সক্ষম হয় ৷

Related Articles

Leave a Reply

Close