অসম

প্ৰবীণ সাহিত্যিক-সাংবাদিক লস্কৰক অনুসন্ধানমূলক জাতীয় বঁটা প্ৰদান

প্ৰথম খবৰ, পুৰণিগুদাম: নগাঁও জিলাৰ পুৰণিগুদাম জাতীয় সচেতন মঞ্চৰ উদ্যোগত আজি বিয়লি “জাতীয় আত্মনিয়ন্ত্ৰণ আৰু কিমান সুৰক্ষিত আমাৰ অধিকাৰ”শীৰ্ষক এক মনোজ্ঞ আলোচনাচক্ৰ আৰু বঁটা বিতৰণী সভা অনুস্থিত হয়৷ মঞ্চৰ সম্পাদক জয়ন্ত কুমাৰ ভূঞাই আঁত ধৰা অনুস্থানটো সঞ্চালনা কৰে মঞ্চৰ উপ-সভানেত্ৰী সৰুমাই গায়ন চমুৱাই৷ আলোচনা চক্ৰত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ৰাষ্ট্ৰসংঘৰ সামাজিক প্ৰতিনিধি পংকজজ্যোতি হাজৰিকা আৰু সাহিত্যিক মোলান লস্কৰে ভাষন প্ৰদান কৰে৷ উক্ত সভাত জাতীয় সচেতন মঞ্চই প্ৰথমবাৰৰ বাবে প্ৰৱৰ্তন কৰা অনুসন্ধানমূলক জাতীয় বঁটা প্ৰদান কৰা হয় প্ৰবীণ সাহিত্যিক-সাংবাদিক মোলান লস্কৰক৷ ডিমাচা পাহাৰৰ প্ৰখ্যাত স্বাধীনতা যুঁজাৰু জয়া থাউচেনৰ জীৱন পৰিক্ৰমা ভিত্তিক উপন্যাস “জাৰাজী ৰণ কুঁৱলীত জয়া” নামৰ গৱেষনামূলক গ্ৰন্থখনৰ বাবে মোলান লস্কৰক ২০১৭-১৮ বৰ্ষৰ অনুসন্ধানমূলক জাতীয় বঁটা প্ৰদান কৰা হয়৷ এই অনুষ্ঠানতে জাতীয় সচেতন মঞ্চই আয়োজন কৰা সদৌ অসম ভিত্তিক প্ৰৱন্ধ প্ৰতিযোগিতাৰ স্থানপ্ৰাপ্ত সকলক পুৰস্কাৰ প্ৰদান কৰা হয়৷

Related Articles

Leave a Reply

Close