অসমশীৰ্ষ

প্ৰেমিক-প্ৰেমিকা সাৱধান! অশ্লীল ফটো তুলি ৰঙাঘৰৰ আলহী নহ’ব

প্ৰথম খবৰ: বৰ্তমানৰ প্ৰজন্মৰ মাজত ব্যাপকহাৰত জনপ্ৰিয় হৈ পৰা ছ’চিয়েল মিডিয়াই এতিয়া কাল হৈ পৰিছে বহুতৰে বাবে। আনকি, ছ’চিয়েল মিডিয়াৰ জৰিয়তে অপৰাধ সংঘটিত কৰাৰ প্ৰৱণতাও ব্যাপক হৈ পৰিছে। এইবাৰ প্ৰেমিকাক বিয়া পাতিব নোৱাৰা প্ৰেমিকে সংঘটিত কৰিলে এক অক্ষমনীয় অপৰাধ। প্ৰেমিকাৰ ঘৰৰ আপত্তিৰ বাবেই বিবাহপাশত আৱদ্ধ নহ’ল এগৰাকী যুৱতী। ঘৰৰ কথামতে, যুৱতীগৰাকীয়ে অন্য এজন যুৱকৰ সৈতে বিবাহ পাশত আৱদ্ধ হ’ল। ইমানলৈকে সকলো ঠিকেই আছিল। কিন্তু প্ৰেমিকাৰ বিয়াৰ প্ৰায় ২০-২১ দিন পাছত গণ্ডগোল লগায় পূৰ্বৰ প্ৰেমিকে। ছ’চিয়েল মিডিয়াত আপলোড কৰে পূৰ্বৰ প্ৰেমিকাৰ সৈতে অন্তৰংগ মূহুৰ্তৰ ফটো। এই ফটোৱে্ই কাল হ’ল যুৱতীগৰাকীৰ বাবে। স্বামীয়ে বিয়াৰ প্ৰায় ৩ সপ্তাহ পিছতে তালাক দিলে যুৱতীগৰাকীক। প্ৰেম, প্ৰতাৰণা, প্ৰতিশোধ আৰু আইন ভংগৰ এই ঘটনাক লৈ এতিয়া খুবেই চাঞ্চল্য বৰাক উপত্যকাত। কৰিমগঞ্জ জিলাৰ কালীগঞ্জৰ এখন গাঁৱৰ এই অস্বাভাৱিক শত্ৰুতা আৰু প্ৰেম-প্ৰতাৰণা আৰু বিশ্বাসঘাতকতাৰ কাহিনীয়ে এতিয়াও তোলপাৰ লগাইছে। অভিযোগ প্ৰেমিক ইকবাল হুছেইনৰ প্ৰেমিকা-যুৱতীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে আটক কৰিছে। এইটো এটা সামান্য উদাহৰণ। এনে ঘটনা এতিয়া সুলভ হৈ পৰিছে। প্ৰেমত অসফল বহু যুৱক যুৱতীৰ বাবে প্ৰতিশোধৰ মাধ্যম হৈ পৰিছে ছ’চিয়েল মিডিয়া। অলপ আঘাত, অলপ বেথা হ’লেই প্ৰেমিক-প্ৰেমিকাৰ কাজিয়া পাইগৈ ছ’চিয়েল মিডিয়া। এয়া মুঠেই শুভলক্ষণ নহয়। গতিকে, প্ৰেমিক-প্ৰেমিকাসকলো সাৱধান হোৱা উচিত। কোনো অন্তৰংগ মুহূৰ্তত তোলা আলোকচিত্ৰইও কেতিয়াবা জীৱনলৈ সৰ্বনাশ মাতি আনিব পাৰে। গতিকে, প্ৰেম কৰোতেও সাৱধান। ফটো তোলোতে আৰু বেছি সাৱধান।

 

Related Articles

Leave a Reply

Close