অসমশীৰ্ষ

প্ৰেম বিবাহৰ নামত MMS প্ৰস্তুত কৰি ৰঙাঘৰত পঞ্চাশোৰ্ধ লম্পট

ষ্টাফ ৰিপ’ৰ্টাৰ, প্ৰথম খবৰ: মাৰ্ঘেৰিটা মহকুমাৰ লেখাপানী টিপং কলিয়ৰী ষ্টাফ কলনীত আজি সংঘটিত হ’ল এক জঘন্য কাণ্ড। অভিযোগ অনুসৰি টিপং টাউনশ্বিপ নিবাসী ফইজুৰ ৰহমানৰ পুত্ৰ ৫০ বছৰীয়া নাজিৰ ৰহমানে চাৰিবছৰ ধৰি বিবাহৰ প্ৰৰোচনাৰে চৰম প্ৰতাৰণা কৰি এগৰাকী যুৱতীৰ অশ্লীল ভিডিঅ’ নিৰ্মাণ কৰে। পৰৱৰ্তীকালত ৰহমানে উক্ত ভিডিঅ’টো লেখাপানী অঞ্চলত মুকলি কৰি দিয়ে। ফলত হাতে হাতে বিয়পি পৰে ভিডিঅ’টো। ইয়াকে কেন্দ্ৰ কৰি ৰহমানৰ প্ৰথমা পত্নীয়ে সমগ্ৰ ঘটনাৰ বিষয়ে মাৰ্ঘেৰিটা সন্মিলীত নাৰী মঞ্চৰ ওচৰত অভিযোগ দাখিল কৰে। সেই অভিযোগৰ ভিত্তিত আজি মঞ্চই টিপঙলৈ গৈ চৰজমীন তদন্ত কৰি উপযুক্ত দুয়োকে আটক কৰি আনি আৰক্ষী থানাত গতাই দিয়ে। আৰক্ষীয়ে ঘটনাটোৰ সন্দভত অধিক তদন্তৰ বাবে দুয়োকে জিম্মাত লৈ 49/2017 নম্বৰত এক গোচৰ পঞ্জীয়ন কৰিছে।  সম্প্ৰতি দুয়োৰে প্ৰাথমিক স্বাস্থ্য পৰীক্ষা কৰোৱাইছে আৰক্ষীয়ে। ইফালে সমগ্ৰ ঘটনাটোক লৈ টিপঙত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে।

Related Articles

Leave a Reply

Close