যুৱশীৰ্ষ

ফুচকা বা পানীপুৰি কিয় খুবেই প্ৰিয় যুৱতী-মহিলাৰ?

শিলাদিত্য বৰ্মনঃ ঠাইভেদে নাম বেলেগ। অসম তথা উত্তৰ পূৰ্বাঞ্চল আৰু পশ্চিমবংগৰ অধিকাংশ ঠাইৰে জনপ্ৰিয় ষ্ট্ৰীট ফুড ফুচকা। আচলতে পূৱ ভাৰতত ফুচকা নামেৰেই জনপ্ৰিয় এই খাদ্যবিধ। পিছে, ৰাষ্টাৰ খাদ্য হ’লেও ৰেষ্টুৰেণ্টৰ মেনুত এই খাদ্যবিধ সুলভ হৈ পৰাৰ লগে লগে অন্য নামবোৰো ৰেষ্টুৰেণ্টৰ মেনুত উপলব্ধ হৈ পৰিল। গতিকে, উত্তৰ ভাৰতৰ গুলকাপ্পা, অন্ধ্ৰপ্ৰদেশ, তেলেংগানাৰ পানীপুৰি আজিকালি গুৱাহাটী কিম্বা অসমৰ অন্য চহৰতো পানীপুৰি নামেৰে প্ৰখ্যাত হৈ পৰিল। এতিয়া ৰেষ্টুৰেণ্টত এই খাদ্যবিধ বিচাৰিলে আপুনি পানীপুৰি বুলিয়ে বিচাৰিব লাগিব। কিন্তু ৰাষ্টাৰ কাষৰ পদপথত এতিয়াও এই খাদ্যবিধৰ নাম ফুচকা হৈয়ে আছে। প্ৰধানতঃ গৰমৰ দিনত তেতেলী টেঙাৰ পানীৰ সৈতে খাই ভাল লগা খাদ্যবিধৰ কোনো স্বাস্থ্যসন্মত দিশ আছেনে নাই ভালকৈ নাজানো। উৰিষ্যাত অৱশ্যে এই খাদ্যবিধৰ নাম গুপচুপ। ছট্টিশগড আৰু ঝাৰখণ্ডৰ বহু স্থানত গুপচুপ বুলিয়ে কোৱা হয় খাদ্যবিধক। হাৰিয়ানাত পানী কে পাটাশ্বে, মধ্যপ্ৰদেশত ফুল্ক, উত্তৰ প্ৰদেশত গুলগাপ্পা, গুজৰাটৰ বহু স্থানত পকোৰী, বাংলাদেশ আৰু নেপালত পিছে ফুচকা নামেৰে প্ৰখ্যাত এই খাদ্যবিধ। যুৱতীসকলৰ বেছিভাগৰেই প্ৰিয় এই ফুচকা নামৰ খাদ্যবিধ। হাতত বেছি ধন নাথাকিলে প্ৰেয়সীক ফুচকা খুওৱাই সময় পাৰ কৰাৰ কিটিপো হেনো ব্যৱহাৰ কৰে বহু প্ৰেমিকে। ফুচকা খুৱালে সাত খুন মাফ কৰি দিব পাৰে যুৱতী বা প্ৰেয়সীয়ে। পিছে ফুচকা কেৱল নাৰীৰেই প্ৰিয় বুলি ক’লে ভুল কোৱা হ’ব। বহু পুৰুষ বা যুৱকে সঘনাই ফুচকাৰ দোকানত ভিৰ কৰে। আচলতে, আটা বা ময়দাৰে বনোৱা সৰু গোলাকাৰ পুৰী, আলু-বুট-পিঁয়াজ-ধনীয়া পাতৰ মিশ্ৰণ, জলকীয়াগুৰি আৰু তেতেলীপানী মিহলি মিশ্ৰণ আৰু অন্যান্য কিছু খাদ্য সামগ্ৰীৰে যতনোৱা এই ফুচকা আচলতে থাকে বহু পৰিমাণে কাৰ্বহাইড্ৰেট। সেইকাৰণে ফুচকা বেছিকৈ খালে ভোক গুচি যায়। টেঙা থাকে মানে ভিটামিন চি থাকেই। আচলতে ফুচকা বা পানীপুৰিৰ বাবে কেতিয়াও বেছি সময় ৰ’ব নালাগে। কম খৰচী আৰু বিক্ৰেতাসকলে শেষত এটা দুটা শুকান বা সুখা ফ্ৰীতে দিয়েই। টেঙা আৰু মিঠাৰ কম্বিনেশ্যন আছেই। ফুচকা খাই থাকিলে কোনো মানুহেই যুৱতীকো ঘূৰি ঘূৰি নাচায়। সেইকাৰণে, কমসময়ত, কম খৰচত অনায়েসে খাব পৰা খাদ্য হিচাপে চাগে যুৱতী মহিলাৰ সমানেই পছন্দ কৰে পুৰুষ বা যুৱকেও।

 

Tags

Related Articles

Leave a Reply

Close