অসমশীৰ্ষ

বজাৰত তামোল-পাণ বিক্ৰী কৰি পঢ়া ফজলুৰে পালে ৮৫ শতাংশ নম্বৰ

গৌৰীপুৰৰ পৰা ইমান আলী: ধুবুৰী জিলাৰ গৌৰীপুৰ চহৰৰ পৰা প্ৰায় ডেৰ কিল’মিটাৰ নিলগৰ খুদিমাৰী গাওঁৰ বজাৰত তামোল-পাণ বিক্ৰী কৰি অতি কষ্টৰে পঢ়ি ফজলুৰ ৰহমানে উচ্চতৰ-মাধ্যমিকৰ পৰীক্ষাত পালে প্ৰায় ৮৫ শতাংশ নম্বৰ। প্ৰতিটো বিষয়ত লেটাৰ নম্বৰ পোৱা ফজলুৰৰ মুখত কিন্তু নাই কোনো তাপ-উত্তাপ। তাৰ বিপৰীতে ফজলুৰৰ এই সাফল্যই আনন্দিত কৰি তুলিছে অঞ্চলটোৰ ৰাইজক। প্ৰতিদিনে তামোল-পাণৰ দোকান কৰা ফজলুৰৰ এই সাফল্যই পিতৃ কাচেম আলী আৰু মাতৃ ফৰচভান বিবিক আনন্দত আত্মহাৰা কৰি তুলিছে। কিন্তু দুখীয়া পৰিয়ালটো বৰ্তমানে দিধাগ্ৰস্থ হৈ পৰিছে বেলেগ কাৰণত। পুত্ৰৰ উচ্চ শিক্ষাৰ খৰচ বহণ কৰিব কিদৰে এই লৈ চিন্তিত পৰিয়ালটো। ইপিনে ফজলুৰে আগলৈ অৰ্থনীতিৰ অধ্যাপক হোৱাৰ সপোন বান্ধি লৈছে।

Related Articles

Leave a Reply

Close