অসম

বটদ্ৰৱা উন্নয়ন খণ্ডৰ কাৰ্যালয়ত মাৰপিট

প্ৰথম খবৰ,ধিং: নগাঁও জিলাৰ ধিঙস্থিত বটদ্ৰৱা উন্নয়ন খণ্ডৰ কাৰ্যালয়ত আজি সংঘটিত মাৰপিটৰ ঘটনাই সমগ্ৰ ধিং অঞ্চলতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰাপ্ত খবৰ মতে, কদমনি গাওঁ পঞ্চায়তৰ জি আৰ এছ বিল্লালউদ্দিনক পঞ্চায়তটোৰ দুই যুৱক ক্ৰমে নিজামুদ্দিন আৰু দিলদাৰে পাবলগীয়া ধন সময়মতে নিদিয়াৰ বাবে ধৈৰ্যচুৰ্তি হেৰুৱাই আজি উন্নয়ন খণ্ডটোৰ কাৰ্যালয়ত বিল্লালউদ্দিনক লগ পাই লপা থপা দিয়ে। এই কাৰ্যত বিল্লালউদ্দিনে ইতিমধ্যে ধিং থানাত এখন এজাহাৰ দাখিল কৰিছে। আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।

 

Related Articles

Leave a Reply

Close