অসম

বনবিভাগৰ কাণ্ডক লৈ মৰিয়নিত তীব্ৰ প্ৰতিক্ৰিয়া

প্ৰথম খবৰ,মৰিয়নি: অসম চৰকাৰৰ ৰাজহ বিভাগ আৰু বনবিভাগৰ মাজত হোৱা সীমা নিৰ্ধাৰণে ৰঙা দলিচা পাৰি দিছে নগাক। কিয়নো নগাই এদেও দুদেও কৈ আগবাঢ়ি আহি মৰিয়নিৰ প্ৰায় ৮০% সংৰক্ষিত বনাঞ্চলত নিজৰ আধিপত্য দেখুৱাইছে। তেনে সময়ত বনবিভাগে ৰাজহ ভূমি আৰু সংৰক্ষিত বনাঞ্চলৰ সীমা নিৰ্ধাৰণৰ নামত অসম নাগালেণ্ড প্ৰকৃত সীমাৰ পৰা ২২কি:মি: ভিতৰত অসমৰত পকী খুটা পোতা কাৰ্যই নগাসকলক অধিক আগ্ৰাসী কৰি তোলাত অৰিহণা যোগাব বুলি আটছাকে ধৰি স্থানীয় লোকে তীব্ৰ প্ৰতিবাদ কৰে। মৰিয়নিৰ নাগিনিজান চাহ বাগিচাৰ সীমাৰ পৰাই আৰম্ভ হৈছে দীচৈ সংৰক্ষিত বনাঞ্চল। বাগিচাখনৰ সীমাত অসমৰ বনবিভাগে ৰাজহ ভূমি বন বিভাগৰ পৰা পৃথক কৰিব বাবে দুদিন পূৰ্বে পকী খুঁটা নিৰ্মান কৰিছিল। কিন্তু সমস্যা হৈছে অসম নাগালেণ্ডৰ উন্মুক্ত সীমাক লৈ। নগাসকলে যি ধৰণে আগ্ৰাসী মনোভাৱেৰে অসমৰ ভূমি দখল কৰিছে কোনোবা দিনা যে তেওঁলোকে এই খুটা কেইটালৈকে নগা ভূমি বুলি দাবী নকৰিব তাৰ কোনো নিশ্চয়তা নাই। একপ্ৰকাৰে বন বিভাগৰ এই কায্যই নগাভূমি হস্তান্তৰ কৰা বুলিয়েই দাবী কৰে স্থানীয় লোকে। অন্যহাতে এই কাৰ্যক গৰিহণা দি আটছাই আজি মৰিয়নি আঞ্চলিক বন বিষয়াৰ কাৰ্যলয় ঘেৰাও কৰে আৰু বনবিভাগৰ এনে হঠকাৰী সিদ্ধান্তক তীব্র সমালোচনা কৰে। আজি দুপৰীয়া আটছায়ে লোৱা তীব্ৰ প্ৰতিবাদৰ জৰিয়তে বনবিভাগক সকীয়নি দিয়ে উচ্চতম ন্যায়ালয়ত অসম নাগালেণ্ডৰ সীমা বিবাদ মীমাংসা নোহোৱা পৰ্যন্ত এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ। প্ৰতিবাদকাৰী আটছাই বনাঞ্চলিক বিষয়াৰ যোগেদি জিলা উপায়ুক্তক এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰি দুদিনৰ ভিতৰত সীমা নিৰ্ধাৰিত খুটা সমূহ উভালিবলৈ সময় সীমা বান্ধি দিয়ে।

Related Articles

Leave a Reply

Close