অসম
বাক্সাত বন ধ্বংস আৰু চোৰাং চিকাৰী সন্দৰ্ভত সজাগতা সভা

প্ৰথম খবৰ, শালবাৰী: বাক্সাৰ বনগাঁৱত বন ধ্বংস আৰু চোৰাং চিকাৰী সন্দৰ্ভত সজাগতা সভা। স্থানীয় বিধায়ক থানেশ্বৰ বসুমতাৰী, ডি এফ অ’ ভবেশ চন্দ্ৰ দাস, শিমলা থানাৰ আৰক্ষী বিষয়া সঞ্জয় কুমাৰ লস্কৰ, বাতাবাৰী ৰেঞ্জৰ ৰেঞ্জাৰ চুচেন দাস, বিপিএফৰ স্থানীয় নেতা শংকৰ বসুমতাৰী, জনমোহন মুছাহাৰীকে আদি কৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে ভাগ লয়। পাউলুচ নাৰ্জাৰীৰ সভাপতিত্বত আজি আবেলি অনুস্থিত সজাগতা সভাত মানাহ মভয়াৰণ্যৰ দাঁতিকাষৰীয়া কেইবাখন গাঁৱৰ পাঁচ শতাধিক লোকে ভাগ লয়। উল্লেখ্য যে, বিগত দুমাহৰ ভিতৰত সেনা আৰু আৰক্ষীয়ে অস্ত্ৰ সহকাৰে পাঁচ জন চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰাৰ উপৰি আন তিনিজন চোৰাং চিকাৰী অস্ত্ৰ সহকাৰে শিমলা থানাত আত্মসমৰ্পন কৰিছিল।