অসম

বিদ্যুতৰ বিলে জ্বলা- কলা খুৱাইছে মেৰাপানীবাসীক

প্ৰথম খবৰ,মেৰাপানী : অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ বিদ্যুতৰ বিল দেখি এতিয়া পেটতে হাতভৰি লুকাইছে গোলাঘাট জিলাৰ মেৰাপানী সীমান্তৰ তিনিখনকৈ গাঁৱৰ ৰাইজৰ । দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়াল সমূহলৈ হাস্যকৰভাৱে পৰিষদে প্ৰতি মাহে পাঁচ ছয় হাজাৰ টকাকৈ বিদ্যুৎ বিল প্ৰেৰণ কৰি বিদ্যুৎ গ্ৰাহক সকলৰ মাজত সৃষ্টি কৰিছে চৰম বিভ্ৰান্তিৰ । এশ-দুশ নহয়, দৰিদ্ৰ সীমাৰেখাৰ তলৰ একোটা পৰিয়ালৰ মাহেকীয়া বিদ্যুতৰ বিল এতিয়া হৈছেগৈ ছয়হাজাৰ টকা পৰ্যন্ত । তাকো বিদ্যুৎ ব্যয়ৰ নামত পৰিয়াল সমূহে জ্বলাই মাথো তিনিটা বাল্ব । নাই টিভি, ফ্ৰীজ, ৰাইছ কুকাৰৰ দৰে বিদ্যুৎ খৰচী বিলাসী সা-সামগ্ৰী । আপুনি বিশ্বাস কৰিবলৈ টান পালেও এতিয়া কিন্তু এনে বিদ্যুৎ বিল প্ৰতিটো পৰিয়ালতে সুলভ মেৰাপানীৰ তিনিখনকৈ গাঁৱত । মেৰাপানী সীমান্তৰ কল্যাণপুৰ, সোনালী পথাৰ আৰু শুকানবিল গাঁওতিনিখনৰ বিদ্যুৎ গ্ৰাহক সকললৈ চলিত মাহত APDCL এ প্ৰেৰণ কৰিছে এনে নাভূত নাশ্ৰুত বিদ্যুতৰ বিল । বিগত মাৰ্চ মাহলৈকে সমস্ত বিদ্যুৎ মাচুল পৰিশোধ কৰা গ্ৰাহকসকললৈ কিহৰ ভিত্তিত হাজাৰ হাজাৰ টকাৰ বিদ্যুৎ বিল প্ৰেৰণ কৰিলে তাকলৈ এতিয়া চৰম বিভ্ৰান্তিৰ সৃষ্টি হৈছে গ্ৰাহক সকলৰ মাজত । বছৰৰ অধিকাংশ সময়ে বিদ্যুৎ সেৱা ব্যাহত হৈ থকা অঞ্চলটোৰ প্ৰতিটো পৰিয়াললৈ শেহতীয়াকৈ গোলাঘাট বিদ্যুৎ সংমণ্ডলৰ কাৰ্য্যালয়ে প্ৰেৰণ কৰিছে তিনিৰ পৰা ছয়হাজাৰ টকা পৰ্যন্ত বিদ্যুৎ বিল । সাধাৰণ কৃষিজিৱী গ্ৰাহক সকলে লগে লগে এই সম্পৰ্কে বিভাগৰ গোলাঘাট সদৰস্থিত কাৰ্য্যালয়ত অভিযোগ কৰে যদিও অদ্যপি কাণসাৰ নিদিলে । ওলোটাই বিল পৰিশোধ নকৰিলে আৰক্ষীৰ সহায়েৰে বিহিত ব্যৱস্থা লোৱাৰ ভাবুকিহে দিয়ে গ্ৰাহকসকলক । তাকে লৈ এতিয়া গ্ৰাহক সকলে অৰ্থৰ অভাৱ আৰু আৰক্ষীৰ ভয়ক কেন্দ্ৰ কৰি ভীষণ অস্বস্তিত পৰিছে । উল্লেখযোগ্য যে, গাঁওকেইখনত বিদ্যুৎ সংযোগ স্থাপনৰ সময়তো গ্ৰাহক সকলৰ পৰা অতিৰিক্ত ভাৱে ধন সংগ্ৰহ কৰাক লৈ বিতৰ্কৰ সৃষ্টি হৈছিল । চিন্তিত গ্ৰাহক সকলে যথোচিত ন্যায় পায়নে নাপায় সেয়া সময়তহে স্পষ্ট হ’ব।

Related Articles

Leave a Reply

Close