অসম

বিশ্বনাথ খণ্ড প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সংস্থাৰ নতুন সমিতি গঠন: দ্বিবাৰ্ষিক আলোচনী প্ৰকাশ

প্ৰথম খবৰ, বিশ্বনাথ চাৰিআলি: বিশ্বনাথ খণ্ড প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সংস্থাৰ বাৰ্ষিক সাধাৰণ সভা আজি অনুষ্ঠিত হয় বিশ্বনাথ চাৰিআলিৰ হিমালয় বিবাহ ভৱনত। প্ৰায় শতাধিক টেট উত্তীৰ্ণ শিক্ষকৰ উপস্থিতিত অনুষ্ঠিত হোৱা সভা খনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিশ্বনাথ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰৱক্তা শ্ৰী যুত নিপম শইকীয়া আৰু বিশ্বনাথ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ শ্ৰী যুত প্ৰভাত চন্দ্ৰ গগৈ। এই সভাত বিশ্বনাথ খণ্ড প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সংস্থাৰ দ্বাৰা প্ৰকাশিত দ্বি-বাৰ্ষিক আলোচনী ‘প্ৰতিচ্ছবি’ উন্মোচন কৰা হয়। উন্মোচন কৰে প্ৰভাত চন্দ্ৰ গগৈ দেৱে। সভা খনত সভাপতিত্ব কৰে বিশ্বনাথ খণ্ড প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সংস্থাৰ বিগত বৰ্ষৰ স্থায়ী সভাপতি প্ৰদীপ শইকীয়াই।

 

Related Articles

Leave a Reply

Close