অসম

বেবেজীয়াত বাইক চুৰি

প্ৰথম খবৰ, বেবেজীয়া: নগাঁও জিলাৰ বেবেজীয়া আৰক্ষী চকীৰ অন্তৰ্গত বেবেজীয়া গাঁৱৰ নিবাসী তথা বৰ্ষীয়ান সমাজকৰ্মী অনন্ত হাজৰিকাৰ বাসগৃহৰ পৰা নৱজ্যোতি ভূঞাঁৰ নামত থকা As-02-Q 9526 নম্বৰৰ পালছাৰ বাইক এখন নিশা দুৰ্বৃত্তই চুৰি কৰি নিয়ে । বাইক খনৰ চুৰিৰ সন্দৰ্ভত বেবেজীয়া আৰক্ষীক অৱগত কৰা হৈছে । ইতিমধ্যে চুৰি বাইকখনৰ সন্দৰ্ভত আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে।

Related Articles

Leave a Reply

Close