অসম

বৰপেটাত অসম চৰকাৰৰ ভূমি সুৰক্ষা আয়োগৰ অধ্যক্ষ হৰিশঙ্কৰ ব্ৰহ্ম

প্ৰথম খবৰ, বৰপেটা: ৰাজ্য চৰকাৰে অসমৰ খিলঞ্জীয়াৰ ভূমি সুৰক্ষা আৰু ভূমিনীতি নিৰ্ধাৰণৰ বাবে গঠন কৰি দিয়া ভূমি সুৰক্ষা আয়োগৰ অধ্যক্ষ নিৰ্বাচন আয়োগৰ অৱসৰপ্ৰাপ্ত মুখ্য আয়ুক্ত হৰিশংকৰ ব্ৰহ্মই আজি বৰপেটাত উপস্থিত হৈ জিলাখনৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰতিনিধিৰ লগতে ৰাইজৰ সৈতে মত বিনিময় কৰে৷ খিলঞ্জীয়াৰ ভূমি সুৰক্ষা তথা ভূমিনীতি সন্দৰ্ভত বৰপেটা জিলাৰ ৰাইজৰ মতামত জানিবলৈ আজি বৰপেটা প্ৰেছ ক্লাবত আয়োজিত এক অনুষ্ঠানত উপস্থিত হোৱা ভূমি আয়োগৰ অধ্যক্ষ ব্ৰহ্মৰ ওচৰত স্বজাতি আন্তঃগাঁথনি গোট অসম আৰু ঐতিহ্যক্ষেত্ৰ উন্নয়ন মঞ্চই খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ ভূমিৰ অধিকাৰ আৰু সুৰক্ষা সন্দৰ্ভত প্ৰস্তুত কৰি উলিওৱা এক বিস্তৃত তথ্য সম্বলিত প্ৰতিবেদন দাখিল কৰে৷ প্ৰতিবেদনখনত স্বজাতি আন্তঃগাঁথনি গোট অসম আৰু ঐতিহ্যক্ষেত্ৰ উন্নয়ন মঞ্চই ব্ৰিটিছ শাসনকালত ১৮৮৬ চনতে প্ৰৱৰ্তিত ভূমি আইনখন আজিও বৰ্তি থকাটো জাতীয় স্বত্বাত এক মোক্ষম আঘাত বুলি দোহাৰে৷ বৰপেটা প্ৰেছ ক্লাবত দিনৰ ভাগত আয়োজিত আজিৰ এই চেতনা অনুষ্ঠানত স্বজাতি আন্তঃগাঁথনি গোট অসমৰ অধ্যক্ষ হৰেকৃষ্ণ তালুকদাৰে বিদেশী আগ্ৰাসনৰ বাবে বৰপেটা জিলাৰ খিলঞ্জীয়া লোকৰ ভূমিৰ অধিকাৰৰ ওপৰত দিনক দিনে বৃদ্ধি পোৱা সংকটৰ বিষয়ে হৰিশংকৰ ব্ৰহ্মৰ ওচৰত বিষদভাৱে অৱগত কৰে৷ আজিৰ এই অনুষ্ঠানতে অসম জাতীয় মহাসভাৰ উদ্যোগত বৰপেটা জিলাৰ পাটবাউসীস্থিত শ্ৰীশ্ৰী দামোৰদৰদেৱ সত্ৰৰ সত্ৰাধিকাৰ গুৰুকৃষ্ণ গোস্বামী, জনীয়া সত্ৰ পৰিচালনা সমিতিৰ প্ৰতিনিধি, বহৰিৰ শ্ৰীশ্ৰী হৰিদেৱ সত্ৰ পৰিচালনা সমিতিৰ বিষয়ববীয়া, গজিয়া সত্ৰৰ পৰিচালনা সমিতিয়ে উমৈহতীয়াভাৱে সত্ৰৰ ভূমি বেদখল সমস্যা সম্পৰ্কে ভূমি আয়োগৰ অধ্যক্ষ ব্ৰহ্মক অৱগত কৰি এক প্ৰতিবেদন প্ৰদান কৰে৷ বৰপেটা প্ৰেছ ক্লাবত অনুষ্ঠিত এই চেতনা সভাৰ সামৰণিৰ পিছতে ভূমি আয়োগৰ অধ্যক্ষ হৰিশংকৰ ব্ৰহ্মই দুপৰীয়াৰ ভাগত বৰপেটা জিলা উপায়ুক্তৰ কাৰ্যালয়ত জিলাখনৰ অন্তৰ্গত সমষ্টিসমূহৰ বিধায়কসকলৰ লগতে জিলা প্ৰশাসনৰ বিষয়াবৰ্গ আৰু বিভিন্ন স্তৰৰ সচেতন ব্যক্তিসকলৰ সৈতে এক আলোচনাত মিলিত হয়৷ আলোচনাত ভূমি আয়োগৰ অধ্যক্ষগৰাকীয়ে জিলাখনত অব্যাহত থকা চৰকাৰী আৰু সত্ৰৰ ভূমিত অবৈধ বেদখলৰ বিষয়ে বুজ লয়৷ ইপিনে অসম চৰকাৰৰ ভূমি আয়োগৰ অধ্যক্ষ হৰিশঙ্কৰ ব্ৰহ্মই বৰপেটা আজিৰ এই দিনযোৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পূৰ্বে পুৱাৰ ভাগত বৰপেটা সত্ৰ দৰ্শন কৰে৷ বৰপেটা সত্ৰত উপস্থিত হৈ তেওঁ সত্ৰত সেৱা জনাই আশীষ গ্ৰহণ কৰে৷ আয়োগৰ অধ্যক্ষ ব্ৰহ্ম সত্ৰ দৰ্শন কৰি বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মা, ডেকা সত্ৰীয়া নৱজিৎ দাস পাঠকৰ লগতে সত্ৰ পৰিচালনা সমিতিৰ সৈতে বৰপেটা সত্ৰৰ ভূমিত হৈ থকা বেদখল সম্পৰ্কে আলোচনা কৰে আৰু সত্ৰ পৰিচালনা সমিতিক ভূমি আয়োগৰ ওচৰত সত্ৰৰ বেদখলীকৃত ভূমি সন্দৰ্ভত এক বিস্তৃত প্ৰতিবেদন দাখিল কৰিবলৈ অাহ্বান জনায়৷ আজিৰ বৰপেটা ভ্ৰমণৰ এই দিনযোৰা কাৰ্যসূচীত ভূমি আয়োগৰ অধ্যক্ষগৰাকীৰ সৈতে আয়োগৰ অন্যতম সদস্য ৰোহিনী বৰুৱা, অজয় দত্তৰ লগতে আন কেবাগৰাকীও উপস্থিত থাকে৷⁠⁠⁠⁠⁠

Related Articles

Leave a Reply

Close