অসম

ভূত বঙলালৈ পৰিণত কলিয়াবৰস্থিত কৃষি সম্প্ৰসাৰণ প্ৰশিক্ষন কেন্দ্ৰ

প্ৰথম খবৰ, কলিয়াবৰ: পৰিৱৰ্তনৰ কথা কৈ ৰাজ্যৰ শাসনভাৰ লোৱা সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন মিত্ৰ জোঁঁটৰ চৰকাৰখনে বাস্তৱত কিমান খিনি পৰিৱৰ্তন সাধিলে তাৰ এক জলন্ত প্ৰমাণ ৰাজ্য চৰকাৰৰ কৃষি বিভাগ। ৰাজ্য চৰকাৰৰ কৃষি বিভাগৰ একমাত্ৰ কৃষি সম্প্ৰসাৰণ প্ৰশিক্ষন কেন্দ্ৰ। ১৯৯৬ চনত তদানীন্তন কৃষি মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে আধাৰ শিলা কৰা কৃষি সম্প্ৰসাৰন প্ৰশিক্ষন কেন্দ্ৰটি ২০০০ চনত তদানীন্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই মুকলি কৰিছিল। ৰাজ্যৰ কৃষক আৰু কৃষি বিষয়া সকলক প্ৰশিক্ষনৰ বাবে নিৰ্মাণ কৰা প্ৰশিক্ষন কেন্দ্ৰটিত প্ৰশিক্ষনৰ সকলো সা সুবিধা থকাৰ উপৰিও হোষ্টেলৰো সুবিধা আছিল। সম্প্ৰতি প্ৰশিক্ষন কেন্দ্ৰটিৰ অৱস্থা অতিকৈ পুতৌলগা। দহজনকৈ বিষয়া কৰ্মচাৰী আছে কৃষি সম্প্ৰসাৰণ প্ৰশিক্ষন কেন্দ্ৰটিত। ধনৰ অভাৱত জহি খহি গৈছে চৰকাৰী আৱাস গৃহ সমূহ। হাবি জংঘলে আৱৰি ধৰিছে আৱাস গৃহ সমূহ। এক প্ৰকাৰ ভূত বঙলালৈ পৰ্যৱসিত হ’ব ধৰিছে কৃষি সম্প্ৰসাৰণ প্ৰশিক্ষন কেন্দ্ৰটি। কৃষি সম্প্ৰসাৰন প্ৰশিক্ষন কেন্দ্ৰটিৰ চকী-টেবুলকে ধৰি অন্যান্য আচবাব আদিৰ জৰাজীৰ্ণ অৱস্থাই প্ৰমান কৰে কেন্দ্ৰটিৰ অচলাৱস্থাৰ কথা। কেন্দ্ৰটিৰ চৌহদত থকা চৰকাৰী আৱাসগৃহ এতিয়া ভাড়াত দিছে । মাহে পাঁছ শ টকাত একোটা কোঠা বাহিৰৰ লোকক ভাড়াত দি তাৰ ধনেৰে প্ৰশিক্ষন কেন্দ্ৰটি পৰিচালনা কৰিব লগা হৈছে। এয়াই সৰ্বানন্দ সোনোৱাল চৰকাৰৰ পৰিৱৰ্তন। কৃষি মন্ত্ৰী অতুল বৰাই এই ক্ষেত্ৰত কেনে ভূমিকা পালন কৰে সেইয়া হ’ব লক্ষনীয়।

Related Articles

Leave a Reply

Close