অসম

ভেকচিনৰ উৰা বাতৰিক কেন্দ্ৰ কৰি ১/২ নং বৰুৱাঝাৰত আমছুৰ সজাগতা সভা

প্ৰথম খবৰ ,দলগাঁও : সম্প্ৰতি ভেকচিন দিয়াৰ মিছা বাতৰি চাৰিওফালে সম্প্রচাৰিত হৈছে আৰু অভিভাৱক সকলে বলপূর্বক নিজৰ লৰা-ছোৱালীক বিদ্যালয় সমুহৰ পৰা ঘুৰাই অনাৰ ফলত পাঠদান কাৰ্যসূচী ব্যাহত হৈছে। এই অপপ্ৰচাৰ, উৰা-বাতৰিত পতিয়ন নাযাবলৈ আৰু বিদ্যালয় সমূহত পাঠদানৰ স্বাভাৱিক অৱস্থা ঘুৰাই অনাৰ উদ্দেশ্য কালি দৰং জিলাৰ দলগাঁও থানাৰ অন্তৰ্গত বৰুৱাঝাৰত 1/2 নং বৰুৱাঝাৰ আঞ্চলিক আমছুৰ উদ্যোগত 1/2 নং বৰুৱাঝাৰ গাঁও পঞ্চায়ত প্রাঙ্গনত এখনি সজাগতা সভা অনুষ্ঠিত হয়। 1/2 নং বৰুৱাঝাৰ আঞ্চলিকৰ সভাপতি মঃ ছাদ্দাম হুছেইনৰ সভাপতিত্বত অনুষ্ঠিত সভাত উপস্থিত থাকে স্বাস্থ্য বিষয়া ডাঃ ভবানী কলিতা আৰু হানিফুৰ ৰহমান, আমছু কেন্দ্রীয় সমিতিৰ সম্পাদক আব্দুৰ ৰহমান বিশ্বাস, দৰং জিলা আমছুৰ উপদেষ্টা ৰফিকুল ইছলাম, সভাপতি ছাইফুল ইছলাম, সাধাৰণ সম্পাদক নাজিৰ উদ্দিন আহমেদ, 1/2 নং বৰুৱাঝাৰ মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক আবু বক্কৰ ছিদ্দিক, প্ৰধান শিক্ষক নাজিমুদ্দিন আহমেদ। সভাত সকলোৱে এই অপপ্ৰচাৰ আৰু উৰা-বাতৰিত বিশ্বাস নকৰিবলৈ আৰু ছাত্ৰ-ছাত্ৰী সকলক বিদ্যালয়লৈ পঠিয়াবলৈ উপস্থিত থকা সকলো স্তৰৰ ৰাইজক আহ্বান জনায়।

Related Articles

Leave a Reply

Close