অসম

ভ্ৰাম্যমাণৰ প্ৰখ্যাত অভিনেত্ৰী কানন কুমাৰী আৰু নাই

প্ৰথম খবৰ,বকো: ভ্ৰাম্যমান জগতৰ বলিষ্ঠ অভিনেত্ৰী কানন কুমাৰী আৰু নাই। বকোৰ টেপচিয়াৰ স্বগৃহত শেষ নিশ্বাস ত্যাগ। দীৰ্ঘদিন কৰ্কট ৰোগত আক্ৰান্ত আছিল কানন কুমাৰী। আগশাৰীৰ প্ৰায় সংখ্যক ভ্ৰাম্যমাণত অভিনয় কৰিছিল অভিনেত্ৰীগৰাকীয়ে। কহিনুৰ থিয়েটাৰৰ জৰিয়তে আত্মপ্ৰকাশ কৰি উজ্বলি উঠিছিল স্বকীয় প্ৰতিভাৰে। অলংকাৰ, তেজীমলাকে ধৰি শতাধিক নাটকত অভিনয় কৰিছিল কানন কুমাৰীয়ে। ইতিহাস কথাছবিটো নাম ভূমিকাত অভিনয় কৰিছিল কানন কুমাৰীয়ে। অভিনেত্ৰীগৰাকীৰ মৃত্যুত শোকৰ ছাঁ অঞ্চলজুৰি।

Related Articles

Leave a Reply

Close