অসম

মাজুলীৰ স্বাস্থ্য খণ্ডত নৱ সংযোজন

প্ৰথম খবৰ , উজনি মাজুলী :মুখ্যমন্ত্ৰী মহোদয়ৰ বিশেষ পৃষ্ঠপোষকতাৰে মাজুলীলৈ ভ্ৰাম্যমান চিকিৎসা বাহনৰ জৰিয়তে মাজুলীৰ অতি ভিতৰুৱা দুৰ্যোগপূৰ্ণ ঠাই সমূহৰ প্ৰসুতি , নৱজাতক , কিশোৰ , বৃদ্ধ সকলোৰে ঘৰতে সমূহ বিনামূলীয়া স্বাস্থ্য সেৱা প্ৰদানৰ উদ্দেশ্য অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ পৰা প্ৰদান কৰা চিকিৎসা ভ্ৰাম্যমান আজি এই শিবিৰৰ মুকলি কৰা হয় জিলা কাছাৰী ময়দানত জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাৰ সম্বন্বিতে সংশ্লিষ্ট বিষয়া ও ৰাইজৰ উপস্থিতিত। এই পদক্ষেপে মাজুলীৰ স্বাস্থ্যখণ্ডলৈ নৱ সংযোজন অনাৰ লগতে মাজুলীৰ বিগত দিন সমূহৰ স্বাস্থ্যখণ্ডৰ আমূল পৰিৱৰ্তন হ’ব বুলি কব পাৰি। মাজুলীৰ ৰাইজে মুখ্যমন্ত্ৰী মহোদয়লৈ অান্তৰিক ধন্যবাদ জনাই স্বাস্থ্য কৰ্মচাৰী সকলৰ নিয়মীয়া উপস্থিতি কামনা কৰিছে । অসমৰ মুখ্যমন্ত্ৰী মহোদয়ৰ ঐকান্তিক প্ৰচেষ্টাত স্বাস্থ্য বিভাগৰ এটি ভ্ৰাম্যমান গোট আৰু অত্যাধুনিক চিকিৎসা সেৱাৰে সমৃদ্ধ তিনিখনকৈ বাহন স্বাস্থ্য বিভাগে মাজুলীবাসীলৈ আগবঢ়াইছে। তাৰেই আপাহত আজি জিলা প্ৰশাসনৰ উদ্যোগত মাননীয় উপায়ুক্তৰ দ্বাৰা শুভাৰম্ভণী কৰে।

Related Articles

Leave a Reply

Close