অসম

মানিকপুৰত অচিনাকি শিশু উদ্ধাৰ

প্ৰথম খবৰ, মানিকপুৰ: বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ভাটি পাৰাত আজি ১২ মান বজাত এজন অচিনাকি ল’ৰা উদ্ধাৰ হৈছে। ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত পুৱাৰ পৰা ল’ৰাজনে ইফাল সিফাল কৰি থাকোতে স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি ল’ৰা জনক উদ্ধাৰ কৰে। নাম শ্বহিদুল হুছেইন বুলি জানিব পৰা গৈছে যদিও ১০ বছৰ মান বয়সৰ এই ল’ৰা জনে নাজানে সম্পূৰ্ণ ঠিকনা। আলিপুৰৰ বাৰোবিসাৰ পৰা ট্ৰেইনত আহি পাতিলাদহা ষ্টেচনত নামে আৰু পিছত আহি ভাটি পাৰাৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত কান্দি কান্দি ইফাল সিফাল কৰি থকাত স্থানীয় ৰাইজে লক্ষ্য কৰে আৰু ল’ৰাটোক উদ্ধাৰ কৰি এখন ঘৰত সাময়িক ভাৱে আশ্ৰয় দিয়ে। উল্লেখ্য যে, লৰাজনে হিন্দী আৰু বঙালী ভাষাত দুই এটা কথা কব পাৰে। এই ঘটনা সংক্ৰান্তে স্থানীয় ৰাইজে মাণিকপুৰ আৰক্ষীক অৱগত কৰিছে যদিও বৰ্তমানলৈকে আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱা নাই।

Related Articles

Leave a Reply

Close