অসম

মানৱতাৰ পতন অভয়াপুৰীত

প্ৰথম খবৰ, অভয়াপুৰী: মানুহ কিমান তললৈ নামিব পাৰে? কিমান জঘন্য কাম কৰিলে আপুনি ঘৃণাত নাক কোচাব? হয়, মানৱতাক লজ্জ্বানত কৰা এক অপকৰ্মৰ পোহৰলৈ আহিছে অভয়াপুৰীত ৷ এজনী পাঁচ বছৰীয়া কণমাণিক বিদ্যালয়লৈ যোৱাৰ পথত ফুচুলাই নি যৌন নিৰ্যাতন চলোৱাৰ এক ঘটনা পোহৰলৈ আহিছে অভয়াপুৰীত ৷ অভয়াপুৰীৰ নিকটৱৰ্তী ডুমেৰগুৰিত সংঘটিত হৈছে মানৱতাক লজ্জ্বানত কৰা এই ঘটনা ৷ দুমহীয়া সন্তান এটিৰ পিতৃ পংকজ মণ্ডল (২৮) নামৰ এটা লম্পটে কালি বিদ্যালয়লৈ যোৱাৰ পথত এজনী পাঁচ বছৰীয়া কণমাণিক চলায় যৌন নিৰ্যাতন ৷ এই ঘটনা বেলেগৰ আগত কলে কণমাণিগৰাকীক হত্যা কৰাৰো ভাবুকি দিয়ে লম্পটটোৱে ৷ কিন্তু আজি ঘটনা সম্পৰ্কে কণমাণিগৰাকী অভিভাৱকে জানিব পাৰি সন্ধিয়া অভয়াপুৰী আৰক্ষী চকীত লম্পটটো বিৰুদ্ধে এজাহাৰ দাখিল কৰে ৷ সম্প্ৰতি পংকজ মণ্ডল নামৰ লম্পটটো পলাতক অৱস্থাত আছে ৷

Related Articles

Leave a Reply

Close