অসম

মুখ্য সচিবৰ সুৰত সুৰ মিলালে মন্ত্ৰী চন্দ্ৰমোহনে

প্ৰথম খবৰ, তেজপুৰ: অসমৰ সংবাদ মাধ্যমক উগ্ৰপন্থী সংগঠনৰ বাতৰিৰ ক্ষেত্ৰত নিষেজ্ঞা প্ৰদান কৰি অসম চৰকাৰৰ মুখ্য সচিৱ ভি কে পিপাৰছেনিয়াই সংবাদ মাধ্যম ওচৰত তেজপুৰত মন্তব্য কৰা পিছত মন্ত্ৰী চন্দ্ৰমোহন  পাটোৱাৰীয়ে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় য়ে  উগ্ৰপন্থীৰ যি  কাৰ্যকলাপ কোনো কাৰণত সমৰ্থন কৰা কথা  নাহে। কাৰণ অগপ চৰকাৰৰ কালত সেই সময়ৰ মন্ত্ৰী নগেন শৰ্মাক হত্যা কৰা লগতে মোৰ ভাতৃকো গুলিয়াই  মাৰিছিল। তেনে ক্ষেত্ৰত কোনো উগ্ৰপন্থীক  সমৰ্থন কৰা  কথা আহিব নোৱাৰে। সংবাদ মাধ্যমে  এই ক্ষেত্ৰত  কিছু  সতৰ্ক হোৱা দৰকাৰ। ইফালে একালৰ সতীৰ্থ তেজপুৰৰ বিধায়ক  বৃন্দাবন গোস্বামী সম্পৰ্কত  কয় যে মোতকৈ  বৃন্দাবন গোস্বামীয়ে আগতেই বিজেপিত যোগদান কৰা কথা আছিল।  অমৰ সিঙে বাধা নিদিয়া হ’লে গোস্বামীও আজি মন্ত্ৰী হৈ থাকিল হেঁতেন।

Related Articles

Leave a Reply

Close