অসমযুৱশীৰ্ষ

মেট্ৰিকৰ পিছতেই চাকৰি কেনেকৈ?

ছাজিদ ৰহমান

বহুতেই ভাবে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত উচ্চতৰ মাধ্যমিক শাখাত নামভৰ্তিৰ বাহিৰে বেলেগ পেচাদাৰী কেৰিয়াৰৰ ব্যৱস্থা নাই। সেই ধাৰণা ভুল। মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছতে অভিযান্ত্ৰিক ডিপ্ল’মা পাঠ্যক্ৰমত নামভৰ্তিৰ ব্যৱস্থা থকাৰ উপৰিও চাকৰি কৰিব খোজাসকলৰ বাবেও বিশেষ সুযোগ আছে। ভাৰতীয় সেনা, নৌসেনা আৰু আৰক্ষী বাহিনীত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈয়ে চাকৰি কৰিব পৰা সুবিধা আছে। অৱশ্যে তাৰ বাবে লিখিত পৰীক্ষা আৰু শাৰীৰিক পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হ’ব লাগিব। ভাৰতীয় সেনাৰ চাকৰিৰ বাবে টেকনিকেল ট্ৰেডত Indian Army Soldier Clerks Examination, Indian Army Soldier General Duty (N.E.R.) Examination, Indian Army Soldier Technical (M.E.R.) Examination, Indian Army Soldier Nursing Assistants (M.E.R.) Examination আদি বিভিন্ন লিখিত পৰীক্ষা অনুষ্ঠিত হয়। National Defence Academyত অধ্যয়নৰ বাবে মেট্ৰিক পৰীক্ষাৰ পিছতে লিখিত পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰি। এনেবোৰ পৰীক্ষাত কৃতকাৰ্য হ’বলৈ হ’লে বিষয়ভিত্তিক জ্ঞানৰ উপৰিও সাধাৰণ জ্ঞানৰ ক্ষেত্ৰতো আগতীয়া প্ৰস্তুতিৰ প্ৰয়োজন হয়। বিশদ তথ্যৰ বাবে Employment Newsত প্ৰকাশ হোৱা বিজ্ঞাপনৰ প্ৰতি চকু ৰাখিব লাগিব। তাৰোপৰি ভাৰতীয় নৌসেনাত নাবিক, ডক য়াৰ্ড এপ্ৰেণ্টিচ, আৰ্টিফিচাৰ এপ্ৰেণ্টিচ আদিৰ বাবেও কাকতত বিজ্ঞাপন দি লিখিত পৰীক্ষা অনুষ্ঠিত কৰা হয়। আনহাতে, শাৰীৰিক সক্ষমতা আৰু লিখিত পৰীক্ষাত অৱতীৰ্ণ হৈ কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ কনিষ্টবল চাকৰিৰ বাবেও আবেদন কৰিব পাৰি। মেট্ৰিকৰ পিছত এছএছচিৰ অধীনত ক্লাৰিকেল গ্ৰেডৰ পৰীক্ষাত বহি চাকৰি লাভৰ সুযোগ আছে। টেকনিকেল দিশত আগ্ৰহীসকলে তিনিবছৰীয়া অভিযান্ত্ৰিক ডিপ্ল’মা কোৰ্চ অধ্যয়ন কৰিও তেনে পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰে। কেৱল সেনা-আৰক্ষীতেই নহয়, মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ উচ্চ শিক্ষা গ্ৰহণ সম্ভৱ নহ’লে স্বনিয়োজনৰ সুবিধা থকা কেতবোৰ দীৰ্ঘম্যাদী আৰু হ্ৰস্বকালীন পাঠ্যক্ৰমতো নামভৰ্তি কৰিব পাৰি। নিজৰ যোগ্যতা আৰু পচন্দ অনুযায়ী ফেশ্যন টেকনলজি, এনিমেশ্যন, গহণা ডিজাইনিং, কল চেণ্টাৰ, মডেলিং, ভিডিঅ’ জকি, মেক-আপ, বিউটিচিয়ান, ভিডিঅ’ সম্পাদনা, কেমেৰা আদি অলেখ অজস্ৰ বিষয়ত প্ৰশিক্ষণ গ্ৰহণ কৰি নিজাবববীয়াকৈ ব্যৱসায় আৰম্ভ কৰিব পাৰে। কিন্তু সাধাৰণভাৱে এনে স্বাৱলম্বনৰ কেৰিয়াৰ বাচনি কৰিব খুজিলে বেংকৰ পৰা ঋণ আদি পোৱাৰ সুবিধা হোৱাকৈ পিছলৈ হ’লেও অতিকমেও স্নাতক ডিগ্ৰী অৰ্জন কৰিলে ভাল। ইয়াৰ উপৰিও যিসকলে মেট্ৰিকৰ পিছতে পলিটেকনিক পাঠ্যক্ৰমত নামভৰ্তি কৰি ৩ বছৰীয়া ডিপ্লমা অৰ্জন কৰে, তেওঁলোকে পৰৱৰ্তী সময়ত বি.টেক পাঠ্যক্ৰমৰ দ্বিতীয় বৰ্ষত পোনপটীয়াকৈ নামভৰ্তিৰ সুযোগ লাভ কৰে। ভাৰতীয় বায়ুসেনাইও মেট্ৰিক উত্তীৰ্ণ শিক্ষাৰ্থীৰ মাজত অনুষ্ঠিত কৰে এয়াৰমেন ছিলেকশ্যন টেষ্ট। কোম্পানী ছেক্ৰেটাৰী বা চাৰ্টাৰ্ড একাউণ্টেটৰ ফাউণ্ডেশ্যন কোৰ্চো মেট্ৰিকৰ পিছতেই কৰিব পাৰি। সকলোতকৈ ডাঙৰ কথা কেৰিয়াৰ বাচনিত বহুতেই ভুল কৰি পিছত পস্তাৱলগীয়া হয়। গতিকে, মেট্ৰিক বা উচ্চতৰ মাধ্যমিকৰ পিছতে কি দিশত কেৰিয়াৰ বাচনি কৰিব, লাজ কৰি গোটেই জীৱন পস্তাই থকাতকৈ কেৰিয়াৰ বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটোৱে ভাল। আমি উপৰোক্ত আলোচনাত কেতবোৰ সম্ভাৱনা আৰু সুযোগৰ বিষয়ে আলোচনা কৰিছো। বাস্তৱত শিক্ষাৰ্থীয়ে কি কেৰিয়াৰ বাচনি কৰিব, তাৰ বাবে অভিভাৱক, শিক্ষক আৰু কেৰিয়াৰ বিশেষজ্ঞৰ সমূহীয়া পৰামৰ্শ গ্ৰহণ নকৰাকৈ আগবাঢ়িবলৈ আমিও উত্‍সাহ নিদিওঁ। ভালকৈ চিন্তা আৰু আলোচনাৰ মাজেদি কেৰিয়াৰ বাচনি কৰিলে কোনো শিক্ষাৰ্থীয়ে জীৱনত পিছলৈ পস্তাৱলগীয়া নহয়।

 

Related Articles

Leave a Reply

Close