অসম

মৰিয়নিত উভৈনদী সৰ্বশিক্ষাৰ জোতা

প্ৰথম খবৰ,মৰিয়নি: সৰ্বশিক্ষা অভিযান মিছনৰ বিভিন্ন কেলেংকাৰী কথাই বহু সময়ত সংবাদ জগতত তোলপাৰ লগাই থাকে। এইবাৰ আপোনালোকক জনাবলৈ লৈছোঁ এনেকুৱা এটা খবৰ যিটো হয়তো ভাৰতীয় প্ৰেক্ষাপটৰ বাবে হৈ পৰিব পাৰে এটা আশ্চৰ্যকৰ খবৰ। সকলোৰে বাবে শিক্ষাৰ সম অধিকাৰ এই মূলমন্ত্ৰৰে সৰ্বশিক্ষায়ে দেশ খনৰ সকলো শিক্ষাৰ্থীৰ বাবে বিনামূলীয়া ইনিফৰ্ম আৰু জোতাৰ ব্যৱস্থা কৰিছে। বৰ্তমানেও এই বিনামূলীয়া জোতা সমূহ অসমত উপলব্ধ হোৱা নাই কিন্তু অসমৰ চহৰ নগৰৰ জোতা দোকান সমূহত এই জোতাসমূহ নিদ্ধাৰিত মূল্যত বিক্ৰী হৈ আছে। ইয়াৰ আঁৰত কোন কোন চক্ৰৰ হাত আছে জানিব পৰা নাই যদিও বহিৰাগত ব্যৱসায় যে এই জোতাসমূহ মুকলি বিক্ৰীৰ ব্যৱস্থা কৰিছে তাৰ প্ৰমাণ পোৱা গৈছে। মৰিয়নি নগৰৰ একাংশ জোতা দোকানত সহজলভ্য হৈ পৰিছে এই সৰ্বশিক্ষা চিহ্ন সম্বলিত জোতাসমূহ। চৰকাৰৰ অমনোযোগিতা বাবেই হওক বা সৰ্বশিক্ষাৰ বৰমুৰীয়া সকলৰ গাফিলতিৰ বাবেই হওক বহিৰাগত ব্যৱসায়ীয়ে ইয়াৰ পূর্ণ সুযোগ গ্ৰহণ কৰি মুনাফা আদায় কৰিছে। ইয়াত সৰ্বশিক্ষা বিষয়া সকলৰ বা চৰকাৰী বিষয়া সকলৰ হাত থকাৰ কথাটো নুই কৰিব নোৱাৰি। বহিৰাগত ব্যৱসায়ীয়ে অধিক মুনাফা লাভৰ আশায়ে সৰ্বশিক্ষা মহান উদ্দেশ্যক তচনচ কৰি দিছে। সমগ্ৰ বিষয়টোৰ ওপৰত এক তদন্ত হোৱাৰ লগতে জোতা সমূহ জব্দ কৰি দোষীক শাস্তি প্ৰদান কৰাটো স্থানীয় সচেতন মহলে আশা কৰিছে।

Related Articles

Leave a Reply

Close