অসমশীৰ্ষ

যমুনামুখত গুলীচালনা: আহত এজন

প্ৰথম খবৰ,ডবকা,কাকী: যমুনামুখৰ ভেদৌআটিত এক গুলিয়াগুলিৰ ঘটনা সংঘটিত হৈছে ৷ আজি সন্ধিয়া হোজাই জিলাৰ যমুনামুখৰ সমীপৱৰ্তী ভেদৌআটিত এই ঘটনা সংঘটিত হয় ৷ ঘটনাৰ বিৱৰণি মতে, আজি সন্ধিয়া সাত মান বজাত দুখন বাইকেৰে অহা চাৰিজনীয়া দুৰ্বৃত্তৰ দলে গাওঁখনৰ বাসিন্ধা আব্দুল আহাদৰ ঘৰত প্ৰৱেশ লোকজনলৈ লক্ষ্য কৰি চাৰি জাই গুলি কৰি দুৰ্বৃত্তৰ দলটোৱে পলায়ন কৰে ৷ গুলিৰ শব্দ শুনি ওচৰ-পাজৰৰ লোক ওলাই অহাত দুৰ্বৃত্তৰ দলটোৱে ঘটনাস্থলীতে AS 02 M 2308 নম্বৰৰ এখন বাইক এৰি থৈ যায় ৷ ঘটনাস্থলীত কেবাটাও গুলি উদ্ধাৰ হয় ৷ ইপিনে দুৰ্বৃত্তৰ গুলিত বেয়াকৈ আঘাতপ্ৰাপ্ত হোৱা আব্দুল আহাদক মুমূৰ্ষ অৱস্থাত ডবকা চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও অৱস্থা সংকটজনক হোৱাত হোজাইৰ হাম চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷ লগে লগে ঘটনাস্থলিত হোজাইৰ আৰক্ষী অধীক্ষক, ডবকা, যমুনামুখ আৰক্ষী উপস্থিত ঘটনাৰ বুজ লোৱাৰ লগতে তদন্ত আৰম্ভ কৰিছে ৷ বাতৰি লিখা সময়লৈকে এজনো দুৰ্বৃত্তক আটক কৰিবলৈ সক্ষম হোৱা নাই ৷

Related Articles

Leave a Reply

Close