অসম

যোৰহাটত আলফা(স্বা:)ৰ নামত ধনদাবী

প্ৰথম খবৰ,যোৰহাট :যোৰহাটত অালফাৰ নামত ধনদাবী। নগৰখনৰ ন-অালিৰ অৰুণোদয় পথৰ বিপুল দত্ত নামৰ লোকজনৰ ঘৰত ভাৰতীয়া হিচাপে থাকি মহেন্দ্ৰ গগৈ নামৰ লোকজনে জীৱন অসম নামেৰে অালফা(স্বা:)ৰ নামত উজনি অসমৰ বিভিন্ন জনক ধনদাবী কৰি অাহিছিল। নিজকে অালফা(স্বা:)ৰ বিত্ত নিয়ন্ত্ৰক বুলি পৰিচয় দি বিভিন্নজনক ধনদাবী কৰি অাহিছিল। বিশেষ সূত্ৰে জনিব পাৰি মাজুলী গড়মূৰ থানাৰ অাৰক্ষীয়ে যোৰহাটৰ লিচুবাৰী অাৰক্ষীৰ সহযোগত অভিযান চলাই ঘৰটোৰ পৰা কম্পিউটাৰ, বিভিন্নজনৰ নামত থকা বহুপৰিমানৰ ধনদাবীপত্ৰ, অালফা(স্বা:)ৰ পেড, চীল-মোহৰকে ধৰি বহু অাপত্তিজনক সামগ্ৰী উদ্ধাৰ। ভূৱা অালফাজনক কৰায়ত্ব কৰিব পৰা নাই ।

Related Articles

Leave a Reply

Close