অসম

লংকাত বোৱাৰী আত্মহত্যা

প্ৰথম খবৰ, লংকা: যিটো সময়ত যৌতুক তথা অন্যান্য কাৰণবশতঃ শাৰিৰীক তথা মানসিক অত্যাচাৰৰ বলি হৈছে একাংশ মহিলাৰ তেনে সময়তে সংঘটিত হোৱা এক হৃদয় বিদাৰক ঘটনাই কঁপাই গৈছে সমগ্র ৰাজ্য। মাত্ৰ পাঁচ মাহ পূৰ্বে কইনা সাজেৰে লংকাৰ স্ব-গৃহৰ পৰা লামডিঙৰ চৰবজৌৎ বেদীৰ লগত বিবাহ পাশত আবদ্ধ হৈ এক নতুন জীৱনৰ পাতনি মেলাৰ সপোন লৈ ওলাই গৈছিল লংকাৰ সংগীত কৌৰ নামৰ যুৱতী গৰাকী। কিন্তু কোনে জানিছিল যে সৌ সিদিনা ঘৰৰ পৰা আনন্দ মনেৰে বিদায় দিয়া সংগীতাৰ মৃতদেহ ঘুৰি আহিব ঘৰলৈ। ঘটনাৰ বিৱৰণী মতে, লামডিঙৰ চৰবজৌৎ ব্যৱসায় সুত্ৰে গুৱাহাটীৰ সুন্দৰপুৰৰ গৃহত বসবাস কৰিছিল পৰিয়ালৰ সৈতে। প্ৰথম অৱস্থাত সংগীতাৰ পৰিয়ালক যৌতুকত একো নালাগে বুলি কৈ বিয়াৰ পাছত যৌতুকৰ বাবে সংগীতাক মানসিক আৰু শাৰিৰীক ভাৱে অত্যাচাৰ কৰিছিল সংগীতাৰ স্বামী আৰু তেওঁৰ পৰিয়ালে। এনে অত্যাচাৰ সহ্য কৰিব নোৱাৰি আত্মহত্যাৰ পথ বাচি লয় সংগীতাই। সৰুসুৰা কথাকলৈ সংগীতাৰ সৈতে কাজিয়াত লিপ্ত হৈছিল সৰবজৌৎ।  শুক্ৰবাৰে নিশা সংগীতা আৰু চৰবজৌতৰ মাজত সংঘটিত হৈছিল এক কাজিয়াৰ সুত্রপাত তাৰ পাছত স্বামীগৃহত এটি কোঠাৰ ভিতৰত চিপ লোৱা অৱস্থাত উদ্ধাৰ হয় সংগীতা কৌৰৰ মৃতদেহ। তাৰ পাছত সংগীতাৰ স্বামী চৰবজৌতক আটক কৰে দিছপুৰ আৰক্ষীয়ে। কিন্তু সংগীতাৰ পৰিয়ালৰ লোকে কৰা অভিযোগ মতে সংগীতাৰ মৃত্যু এক পৰিকল্পিত হত্যাকাণ্ড। চৰবজৌতৰ অন্য ছোৱালীৰে পৰকীয়া প্ৰেম থকা বুলি অভিযোগ উত্থাপন কৰিছে সংগীতাৰ মাতৃয়ে। বাৰে বাৰে যৌতুকৰ বাবে সংগীতাক অত্যাচাৰ চলোৱাৰ কথাও জানিবলৈ দিছে সংগীতাৰ মাতৃয়ে।

Related Articles

Leave a Reply

Close