অসম

লংকাত স্বামীৰ ব্লেডৰ আক্ৰমণত গুৰুতৰভাৱে আহত পত্নী: এজাহাৰ দাখিল

প্ৰথম খবৰ,লংকা: ৰাজ্যত দিনক দিনে বৃদ্ধি পোৱা নাৰী নিৰ্যাতনৰ ঘটনাই ভয়াবহ ৰূপ ধাৰণ কৰাৰ সময়তে লংকা চহৰত সংঘটিত হোৱা নাৰী নিৰ্যাতনৰ ভয়ংকৰ ঘটনা পোহৰলৈ অহাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ ঘটনাৰ সন্দৰ্ভত জানিব পৰা মতে, হাওৰাঘাটৰ জুমকী নামৰ যুৱতী গৰাকী এবছৰৰ পূৰ্বে লংকাৰ এজাৰবাৰীৰ যুবক চিৰঞ্জীত মজুমদাৰৰ সৈতে বিবাহ পাশত আবদ্ধ হয় ৷ বিয়াৰ কিছুদিনৰ পিছৰ পৰাই স্বামী চিৰঞ্জীতে পত্নী জুমকীক ঘৰুৱা কথা লৈ শাৰিৰীক তথা মানসিক নিৰ্যাতন চলাই আহিছিল ৷ শেহতীয়া ভাৱে যোৱা দেওবাৰে নিশা সুৰামত্ত স্বামী চিৰঞ্জীতে পত্নীৰ সৈতে কিবা ঘৰুৱা কথা যুক্তি তৰ্কত লিপ্ত হয় ৷ পৰিস্থিতি এনে পৰ্যায় পাইগৈ যে এটা সময়ত চিৰঞ্জীতে চোকা ব্লেডেৰে পত্নীৰ দেহত উপৰ্যুপৰি আক্ৰমণ চলায় ঘৰৰ পৰা বাহিৰ কৰি দিয়ে ৷ অসহায় মহিলা গৰাকীয়ে উপায়ন্তৰ হৈ নিশাটো গাঁৱৰ এঘৰ লোকৰ ঘৰত আশ্ৰয় লয় ৷ ন্যায় বিচাৰি মহিলা গৰাকীয়ে অৱশেষত লংকা আৰক্ষী চকীত কালি নিশাৰ ভাগত স্বামীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ৷

Related Articles

Leave a Reply

Close